ৱাশ্বিংটন, ২৭ নৱেম্বৰ (হি.স.)। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে বুধবাৰে এক বৃহৎ ঘোষণা কৰে। তেওঁ উল্লেখ কৰে যে আমেৰিকাই অহা বছৰ মিয়ামীত অনুষ্ঠিত হ’বলগীয়া জি-২০ সন্মিলনত দক্ষিণ আফ্ৰিকাক অংশগ্ৰহণ কৰিবলৈ নিদিয়ে। ৰাষ্ট্ৰপতিগৰাকীয়ে দক্ষিণ আফ্ৰিকাক দিয়া সকলো ৰাজসাহায্য আৰু চৰকাৰী ধন স্থগিত ৰখাৰ নিৰ্দেশ দিয়ে।
বগা কৃষকৰ ওপৰত চলোৱা অত্যাচাৰৰ অভিযোগত বৰ্তমান দক্ষিণ আফ্ৰিকাক আক্ৰমণ চলাইছে ট্ৰাম্পে। শেহতীয়াকৈ দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হোৱা জি-২০ সন্মিলনতো বৰ্জন কৰিছিল ট্ৰাম্পে। এতিয়া তেওঁ ঘোষণা কৰিছে যে তেওঁ অহা বছৰৰ জি-২০ সন্মিলনৰ পৰা দক্ষিণ আফ্ৰিকাক বাদ দিব। ট্ৰাম্পে ট্ৰুথ ছ’চিয়েলত কয় যে দক্ষিণ আফ্ৰিকাই ২০২৬ চনৰ জি-২০ শীৰ্ষ সন্মিলনলৈ আমন্ত্ৰণ লাভ নকৰে।
তেওঁ কয় যে দক্ষিণ আফ্ৰিকাত শেহতীয়াকৈ সমাপ্ত হোৱা জি-২০ সন্মিলনত আমেৰিকা চৰকাৰৰ প্ৰতিনিধিৰ প্ৰতি কৰা দুৰ্বল ব্যৱহাৰৰ বাবেই দক্ষিণ আফ্ৰিকালৈ ৰাজসাহায্য স্থগিত ৰখা হৈছে। মন কৰিবলগীয়া যে দক্ষিণ আফ্ৰিকাই বগা কৃষকৰ বিৰুদ্ধে হিংসাৰ অভিযোগ ভিত্তিহীন বুলি উলাই কৰিছে।
ৰাষ্ট্ৰপতিগৰাকীয়ে ট্ৰুথ ছ’চিয়েলৰ পোষ্টত কয় যে সপ্তাহৰ শেষৰ ফালে শীৰ্ষ সন্মিলন সমাপ্ত হোৱাৰ পিছত দক্ষিণ আফ্ৰিকাই নিজৰ জি-২০ আয়োজক দায়িত্ব আমেৰিকাৰ দূতাবাসৰ জ্যেষ্ঠ প্ৰতিনিধিক গতাই দিবলৈ অস্বীকাৰ কৰিছে। ট্ৰাম্পে লিখিছে, ‘সেয়েহে মোৰ নিৰ্দেশ অনুসৰি অহা বছৰ ফ্ল’ৰিডাৰ মিয়ামীত অনুষ্ঠিত হ’বলগীয়া ২০২৬ চনৰ জি-২০ৰ বাবে দক্ষিণ আফ্ৰিকাই আমন্ত্ৰণ লাভ নকৰে।
তেওঁ কয় যে দক্ষিণ আফ্ৰিকাই বিশ্বক প্ৰমাণ কৰিছে যে ই কোনো সংগঠনৰ সদস্যপদৰ অযোগ্য আৰু আমি তেওঁলোকক দিয়া সকলো ধৰণৰ ধন আৰু ৰাজসাহায্য তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ বন্ধ কৰিবলৈ ওলাইছো।
हिन्दुस्थान समाचार / অৰৱিন্দ
