লুইষ্টন (আমেৰিকা), ২৭ অক্টোবৰ (হি.স.)। আমেৰিকাৰ অন্যতম চহৰ লুইষ্টনত হোৱা গুলীচালনাৰ ভয়ানক কাণ্ড মানুহৰ মনৰ পৰা আঁতৰ নৌহওতেই এইবাৰ ২৪ ঘণ্টাৰ ভিতৰতে এজন উদণ্ড লোকে পুনৰ গুলীচালনা কৰি ১৮ জন লোকৰ প্ৰাণ কাঢ়ি নিয়ে। এই গুলীচালনাত আন ১৩ জন লোক আহত হয়। এই তথ্য সংবাদ মাধ্যমৰ বাতৰিত দিয়া হৈছে।
আৰক্ষী বিষয়াসকলে জনোৱা মতে, ৪০ বছৰীয়া ৰবাৰ্ট কাৰ্ড নামৰ সন্দেহজনক লোকজনক এতিয়াও গ্ৰেপ্তাৰ কৰা হোৱা নাই। তেওঁক বিচাৰি দ্ৰুতগতিত অনুসন্ধান চলাই থকা হৈছে। জনসুৰক্ষা আয়ুক্ত মাইক ছাউছাকে কয় যে সন্দেহযুক্ত লোকজনে কোনো নিৰ্দিষ্ট ব্যক্তিক লক্ষ্য কৰি লৈছে নেকি সেইটো নিৰ্ণয় কৰাৰ প্ৰচেষ্টা চলোৱা হৈছে। এই ঘটনা সংঘটিত হৈছে এখন ৰেষ্টুৰেণ্টত। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে বুধবাৰে নিশা লুইষ্টনত এজন ব্যক্তিৰ নিৰ্বিচাৰ গুলীচালনাত ২২ জন লোকৰ মৃত্যু হৈছিল। লগতে ৫০ জনতকৈ অধিক লোক আহত হয়।
হিন্দুস্থান সমাচাৰ/মুকুন্দ/মনোজ/অৰবিন্দ
