
ধুবুৰী, ২৭ অক্টোবৰ (হি.স.): শীত অহাৰ লগে লগে ধুবুৰী চহৰৰ কাষেৰে বৈ যোৱা বৰলুইতৰ জলস্তৰ বৰ্তমানে হ্ৰাস পাবলৈ লৈছে। ফলত সৃষ্টি হ’বলৈ লৈছে বহু নিৰ্জন বালিৰ চাপৰি। তাৰেই সুযোগ গ্ৰহণ কৰি একাংশ সমাজ বিৰোধী চক্ৰই দূৰ্গম, জনমানবহীন সেই বালিৰ চাপৰিত একাংশত জুৱা খেলৰ আড্ডা আৰম্ভ কৰাৰ তৎপৰতা আৰম্ভ হোৱা বুলি স্থানীয় একাংশ মহলত ব্যাপক চৰ্চা আৰম্ভ হোৱা পোৱা গৈছে।
আনকি চহৰখনৰ ধুবুৰীৰ বজাৰ নগৰ আৰক্ষী চকী এলেকাৰ অন্তৰ্গত ভাষাণীৰচৰ অঞ্চলৰ বৰলুইতত আৰম্ভ হোৱা নাওঁখেল প্ৰতিযোগিতা এখনৰ সুযোগ লৈ এটা চক্ৰই অঞ্চলটোৰ পৰা বহু ভিতৰৰ এটা দুৰ্গম চাপৰিত জুৱাৰ আড্ডা পাতিছে। স্বাাভাবিক ভাবেই ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ জুৱা বিৰোধী স্থিতিক উপলুঙা কৰি কোনো চক্ৰই ধুবুৰীৰ ভাৰত-বাংলাদেশ সীমান্তৰ সমীপৱৰ্তী দুৰ্গম, নিৰ্জন চৰাঞ্চল একাংশত আৰম্ভ হোৱা জুৱা খেল সন্দৰ্ভত আৰক্ষীৰ নিৰৱ স্থিতি কিয় বুলি সচেতন মহলত প্ৰশ্ন উত্থাপিত হৈছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
