
নেইপিডাউ (ম্যানমাৰ), ১৯ নৱেম্বৰ (হি.স.)। ম্যানমাৰৰ সেনাই থাইলেণ্ডৰ সীমান্তত থকা চাইবাৰ কেফেত অভিযান চলাই ৩৪৬ জন লোকক গ্ৰেপ্তাৰ কৰিছে। যুদ্ধবিধ্বস্ত ম্যানমাৰৰ সীমান্তৱৰ্তী অঞ্চলত এনে জালিয়াতি কেন্দ্ৰ ব্যাপক বুলি উল্লেখ কৰিছে সেনাই। এই কেন্দ্ৰসমূহত কাম কৰা চাইবাৰ অপৰাধীসকলে বিশ্বজুৰি ইণ্টাৰনেট ব্যৱহাৰকাৰীসকলক লক্ষ্য কৰি ৰোমান্টিক ফান্দত পেলাবলৈ প্ৰলোভিত কৰে বা তেওঁলোকৰ ধন দুগুণ কৰাৰ প্ৰতিশ্ৰুতি দি আনক প্ৰতাৰণা কৰে। এই ব্যক্তিসকলে বছৰি কোটি কোটি টকা প্ৰতাৰণা কৰি আছে।
ম্যানমাৰৰ চৰকাৰী সংবাদ প্ৰতিষ্ঠান দ্য গ্ল’বেল নিউ লাইট অৱ ম্যানমাৰৰ উদ্ধৃতি দি বাংলাদেশৰ বাতৰি কাকত দ্য ডেইলী ষ্টাৰে এই তথ্য প্ৰকাশ কৰিছে। প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে ম্যানমাৰৰ সামৰিক চৰকাৰে এই বিষয়ত চকু মুদা কুলিৰ ভাও ধৰাৰ অভিযোগ দীৰ্ঘদিন ধৰি চলি আহিছে। বিশেষজ্ঞসকলে কয় যে চীনৰ হেঁচাত ফেব্ৰুৱাৰী মাহৰ পৰাই ম্যানমাৰ চৰকাৰে এনে ব্যৱস্থাৰ কথা ঘোষণা কৰি আহিছে। যোৱা মাহৰ পৰা তীব্ৰতৰ হৈ পৰিছে এই দমন।
ম্যানমাৰৰ দ্য গ্ল’বেল নিউ লাইটৰ তথ্য অনুসৰি কালি পুৱা ম্যানমাৰৰ সেনাই জুৱা আৰু জালিয়াতিৰ কেন্দ্ৰ শ্বে কোক্কোত এই অভিযান আৰম্ভ কৰে। এই অভিযানৰ সময়ত ৩৪৬ জন বিদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰাৰ লগতে প্ৰায় ১০ হাজাৰ মোবাইল ফোন উদ্ধাৰ কৰা হয়। অপৰাধ বিশেষজ্ঞসকলে কয় যে ২০২১ চনত গৃহযুদ্ধ আৰম্ভ হোৱাৰ পিছৰে পৰা ম্যানমাৰৰ সীমান্তৱৰ্তী অঞ্চলসমূহ চাইবাৰ অপৰাধীৰ বাবে উৰ্বৰ ভূমি হিচাপে প্ৰমাণিত হৈছে। এই ব্যক্তিসকলৰ বহুতেই ম্যানমাৰত চাকৰিৰ প্ৰতিশ্ৰুতি দি আন দেশৰ পৰা অনাহক আৰু প্ৰলোভিত।
এই নেটৱৰ্কৰ এটা বৃহৎ অংশ চীন-কম্বোডিয়ান ৰেকেটিয়াৰ শ্বি জিজিয়াঙৰ য়াটাই ফাৰ্মে নিয়ন্ত্ৰিত কৰে। এই প্ৰতিষ্ঠানটো শ্বে কোক্কো অঞ্চলত সক্ৰিয়। ২০২২ চনত থাইলেণ্ডত গ্ৰেপ্তাৰ হোৱা শ্বি জিজিয়াঙক যোৱা সপ্তাহত চীনলৈ প্ৰত্যাৰ্পণ কৰা হৈছিল। অনলাইন জুৱা আৰু জালিয়াতিৰ লগত জড়িত থকাৰ অভিযোগ তেওঁৰ বিৰুদ্ধে। শ্বি আৰু তেওঁৰ কোম্পানীকো ব্ৰিটেইন আৰু আমেৰিকাৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে। শ্বে কোক্কো ম্যানমাৰ-থাই সীমান্তত অৱস্থিত এখন গাঁও। আজি এই গাঁওখন জুৱা, ড্ৰাগছ সৰবৰাহ, বেশ্যাবৃত্তি, প্ৰৱঞ্চনাৰ এক প্ৰধান কেন্দ্ৰ।
ম্যানমাৰৰ সামৰিক চৰকাৰে এই গাঁওখনৰ ৬০০ৰো অধিক অট্টালিকা ভাঙি পেলোৱাৰ কামত ব্যস্ত। এই পৰ্যন্ত ৭ হাজাৰ চাইবাৰ অপৰাধীক তেওঁলোকৰ উৎপত্তি দেশলৈ বিতাড়িত কৰা হৈছে। ৰাষ্ট্ৰসংঘৰ এক প্ৰতিবেদন অনুসৰি ২০২৩ চনত দক্ষিণ-পূব আৰু পূব এছিয়াৰ লোকসকলক লক্ষ্য কৰি ৩৭ বিলিয়ন ডলাৰ প্ৰতাৰণা কৰা হৈছিল।
ইফালে, ম্যানমাৰৰ পৰা ৩১৭ জন বিদেশী নাগৰিকক নিজ নিজ চৰকাৰলৈ মুকলি কৰি দিয়া হৈছে। ম্যানমাৰৰ দ্য গ্ল’বেল নিউ লাইটৰ তথ্য অনুসৰি ইয়াৰ ভিতৰত আছে ২৬৯ জন ভাৰতীয় নাগৰিক, ৩১ জন লাওছ নাগৰিক, ১৬ জন ভিয়েটনামী নাগৰিক আৰু এজন দক্ষিণ কোৰিয়াৰ নাগৰিক। আটাইকেইজনেই অবৈধভাৱে ম্যানমাৰত প্ৰৱেশ কৰি গোপনে শ্বৱে কোক্কো গাঁৱত উপস্থিত হৈছিল। আইনী প্ৰত্যাৱৰ্তন প্ৰক্ৰিয়া অনুসৰি, ম্যানমাৰ-থাইলেণ্ড বন্ধুত্ব দলং দ্বিতীয়ৰ জৰিয়তে তেওঁলোক সকলোকে নিজৰ নিজৰ দেশলৈ প্ৰেৰণ কৰা হৈছিল।
हिन्दुस्थान समाचार / অৰৱিন্দ
