টেল আভিভ, ১৬ অক্টোবৰ (হি.স.): হামাছে আৰু দুটা মৃতদেহ ৰেড ক্ৰছক গতাই দিয়ে। ইয়াৰ পিছতে ৰেড ক্ৰছৰ বিষয়াসকলে মৃতদেহকেইটা ইজৰাইলৰ সেনাক গতাই দিয়ে। ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে এই কথা নিশ্চিত কৰিছে। হামাছে দাবী কৰে যে এতিয়া তেওঁলোকে সকলো মৃত পণবন্দীক ঘূৰাই দিছে। এই সন্দৰ্ভত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।
ইজৰাইলৰ দ্য টাইমছত প্ৰকাশিত এক বাতৰি অনুসৰি মৃতদেহকেইটা চিনাক্তকৰণৰ বাবে আবু কাবিৰ নেশ্যনেল ইনষ্টিটিউট অৱ ফৰেনছিক মেডিচিনলৈ লৈ যোৱা হৈছে। ট্ৰাম্পে ইজৰাইলক ৰখাই থোৱা বুলি উল্লেখ কৰে। যদিহে হামাছে এই চুক্তিখন পালন নকৰে তেন্তে ইজৰাইল পুনৰ গাজাপট্টীলৈ ঘূৰি আহিব। আন আন বাতৰি অনুসৰি ইজৰাইলৰ বিষয়াসকলে উল্লেখ কৰিছে যে হামাছে গতাই দিয়া চতুৰ্থটো মৃতদেহটো এজন পেলেষ্টাইনী সাধাৰণ নাগৰিক বুলি চিনাক্ত কৰা হৈছে, যিজন পণবন্দী নাছিল। আইডিএফে কয় যে যুদ্ধবিৰতি চুক্তিৰ অধীনত হামাছে সোমবাৰৰ ভিতৰত জীৱিত-মৃত সকলো পণবন্দীক গতাই দিব লাগিব।
ইয়াৰ পূৰ্বে মঙলবাৰে নিশা হামাছে গাজা চহৰৰ ৰেড ক্ৰছক চাৰিটা মৃতদেহ গতাই দিয়ে আৰু পিছত সেই মৃতদেহ ইজৰাইলৰ সেনাক গতাই দিয়ে। সোমবাৰে হামাছে শেষৰ ২০ জন জীৱিত পণবন্দীক মুকলি কৰি দিয়ে। যুদ্ধবিৰতি চুক্তিৰ চৰ্ত অনুসৰি সোমবাৰে বিয়লিৰ ভিতৰত মৃত ২৮ জন পণবন্দী সকলোৰে মৃতদেহ ঘূৰাই দিব লাগিছিল।
ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে কয় যে যদি হামাছে নিৰস্ত্ৰ কৰিবলৈ অস্বীকাৰ কৰে তেন্তে ধ্বংসলীলা হ’ব। চিবিএছ নিউজৰ সৈতে হোৱা এক সাক্ষাৎকাৰত নেতানিয়াহুৱে কয় যে যদি হামাছে নিৰস্ত্ৰকৰণৰ বাবে সন্মতি নিদিয়ে তেন্তে ধ্বংসলীলা অনিবাৰ্য। যেতিয়া ইজৰাইল বাহিনী এতিয়াও গাজাৰ কিছু অংশত নিয়োজিত হৈ আছে আৰু হামাছে পট্টীৰ ওপৰত পুনৰ নিয়ন্ত্ৰণ স্থাপন কৰি আছে, তেতিয়া যুদ্ধ কেনেকৈ শেষ হ’ল বুলি সোধাত নেতান্যাহুৱে কয় যে আমি শান্তিক সুযোগ দিবলৈ সন্মত হৈছো।
ইজৰাইলে হামাছৰ এই দাবীক পলম কৰাৰ কৌশল বুলি নাকচ কৰি সাহায্য সীমিত কৰাৰ হুংকাৰ দিছে। ইজিপ্তৰ সৈতে ৰাফাহ সীমান্ত ক্ৰছিং বন্ধ কৰি দিব আৰু সন্ত্ৰাসবাদী সংগঠনটোৱে বাকী থকা মৃতদেহসমূহ তৎক্ষণাত ঘূৰাই নিদিলে পুনৰ যুদ্ধ আৰম্ভ কৰিব। মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পেও মঙলবাৰে কয় যে হামাছে মৃত পণবন্দীৰ সংখ্যাৰ বিষয়ে মধ্যস্থতাকাৰীক প্ৰতাৰণা কৰিছিল ।
हिन्दुस्थान समाचार / অৰৱিন্দ
