কাঠমাণ্ডু, ২৮ ছেপ্টেম্বৰ (হি.স.)। নেপালৰ অন্তৱৰ্তীকালীন চৰকাৰৰ শক্তি, জলসম্পদ আৰু জলসিঞ্চন মন্ত্ৰী কুলমান ঘিছিঙে অক্টোবৰৰ অন্তিম সপ্তাহত ভাৰত ভ্ৰমণ কৰিব।
নেপাল চৰকাৰৰ মুখপাত্ৰ তথা তথ্য আৰু যোগাযোগ মন্ত্ৰী জগদীশ খাৰেলে উল্লেখ কৰে যে অহা ২৭ নৱেম্বৰৰ পৰা ৩০ নৱেম্বৰলৈ নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰজোঁটৰ অষ্টম বৈঠকত ঘিছিঙে অংশগ্ৰহণ কৰিব। অন্তৱৰ্তীকালীন চৰকাৰৰ প্ৰধানমন্ত্ৰী সুশিলা কাৰ্কিৰ অধ্যক্ষতাত মন্ত্ৰীসভাই ঘিছিঙৰ ভাৰত ভ্ৰমণত অনুমোদন জনায়।
हिन्दुस्थान समाचार / অৰৱিন্দ
