সকলোতে আৰম্ভ হৈছে হোলী উৎসৱৰ প্ৰস্তুতি। প্ৰতি বছৰে মানুহে আগ্ৰহেৰে বাট চাই থাকে এই ৰঙৰ উৎসৱৰ বাবে। হোলী আৰু বলীউডৰ সম্পৰ্ক বহুত পুৰণি। বহুকেইখন চিনেমাত হোলী উদযাপন কৰা দেখা গৈছে অতি আড়ম্বৰেৰে। বলীউডৰ ক্লাছিক গীত অবিহনে এই উৎসৱ যেন অসম্পূৰ্ণ। আজি আমি আপোনালোকৰ বাবে লৈ আহিছো এনে কিছুমান গীতৰ তালিকা, যিয়ে আপোনালোকৰ হোলীৰ আনন্দ আৰু অধিক বৃদ্ধি কৰিব। যদিও এই গীতবোৰ বহুত পুৰণি, আজিও এই গীতবোৰ অবিহনে হোলীৰ উৎসৱ যেন আধৰুৱা হৈ পৰিছে।
ৰং বৰছে ভীগে চুনৰৱালি
১৯৮১ চনত মুক্তি পোৱা ‘চিলচিলা’ ছবিৰ ‘ৰং বৰছে ভীগে চুনৰৱালি’ গীতটো আজিও অতি জনপ্ৰিয়। এই ছবিখন সেই সময়ৰ অন্যতম হিট ছবি আছিল। ছবিখনত অমিতাভ বচ্চন, জয়া বচ্চন, ৰেখা আৰু সঞ্জীৱ কুমাৰে গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে। ছবিখনৰ ‘ৰং বৰছে ভীগে চুনৰৱালি’ গীতটো নুশুনিলে হোলীৰ উৎসৱ সম্পূৰ্ণ হ’ব নোৱাৰে।
হোলী কে দিন দিল খিল জাতে হেয়
‘হোলী কে দিন দিল খিল জাতে হেয়’ গীতটি এতিয়াও যথেষ্ট জনপ্ৰিয়। ‘শ্বোলে’ ছবিৰ এই গীতটো যথেষ্ট জনপ্ৰিয় হৈ উঠিছিল। এই ছবিখন ১৯৭৫ চনত মুক্তি লাভ কৰিছিল। ছবিখনত অমিতাভ বচ্চন, ধৰ্মেন্দ্ৰ আৰু হেমা মালিনীয়ে গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছিল। এই গীতটো হোলীৰ দিনা সকলোতে বাজি উঠে।
আজ ন ছোড়েংগে
আশা পাৰেখ আৰু ৰাজেশ খান্নাৰ ছবি ‘কাতি পটং’ৰ ‘আজ না চুনেংগে বছ হমজোলি, খেলেংগে হম হোলী’ গীতটো আজিও হোলী উদযাপনৰ সময়ত বাজি থাকে।
অংগ ছে অংগ লগানা
শ্বাহৰুখ খানৰ ছবি ‘ডৰ’ৰ ‘অংগ ছে আং লগানা, সাজন হমে এইছে ৰং লগানা’ গীতটোও অতি জনপ্ৰিয় গীত। হোলী গীতৰ ভিতৰত এই গীতটোৱে সদায় সকলোৰে অন্তৰত শাসন কৰে। যশ চোপ্ৰাৰ ছবি ‘ডৰ’ত হোলী উৎসৱক চিত্ৰিত কৰা হৈছে। ১৯৯৩ চনত মুক্তি পোৱা ছবিসমূহৰ ভিতৰত এই ছবিখন ছুপাৰহিট আছিল।
হোলী খেলে ৰঘুবীৰা
‘হোলী খেলে ৰঘুবীৰা’ গীতটো অবিহনে হোলী উদযাপন সম্পূৰ্ণ হ’ব নোৱাৰে। এই গীতটো হোলীৰ বিশেষ উপলক্ষে বনোৱা হৈছে। গীতটোত মানুহে গুলাল উৰুৱাই হোলী উৎসৱ উদযাপন কৰা দেখা গৈছে। এই গীতটি অমিতাভ বচ্চন আৰু হেমা মালিনীৰ ওপৰত চিত্ৰগ্ৰহণ কৰা হৈছে।
বলম পিচকাৰী
২০১৩ চনত মুক্তি পোৱা ৰণবীৰ কাপুৰ আৰু দীপিকা পাডুকনে অভিনীত ছবি ‘য়ে জৱানী হায় দীৱানী’ ছুপাৰহিট আছিল। এই ছবিখনে বক্স অফিচত বিপুল হিট লাভ কৰিছিল। ছবিখনৰ ‘বলম পিচকাৰী’ গীতটোৱে হোলীৰ আনন্দ দুগুণ কৰি তুলিছে।
