মস্কো, ২৪ মাৰ্চ : ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দাবী কৰিছে যে শুকুৰবাৰে নিশা ৰাজধানী মস্কোৰ সমীপৰ কনচাৰ্ট হলত গুলীচালনা কৰা চাৰিজন আক্ৰমণকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে। এই আক্ৰমণত ১৩৩ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ১৪০ জন আহত হয়। এই গোচৰত এঘাৰজন লোকক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে চাৰিজন বন্দুকধাৰী ইউক্ৰেইনৰ ফালে পলায়ন কৰি থকা অৱস্থাত ধৰা পৰিছে। আনহাতে ইউক্ৰেইনে এই আক্ৰমণৰ সৈতে কোনো ধৰণৰ জড়িত থকাৰ কথা স্পষ্টভাৱে অস্বীকাৰ কৰিছে।
শনিবাৰে দেশবাসীক সম্বোধন কৰি ৰাষ্ট্ৰপতি পুটিনে ২৪ মাৰ্চত ৰাষ্ট্ৰীয় শোক ঘোষণা কৰে। পুটিনে কয় যে আক্ৰমণকাৰীয়ে ইউক্ৰেইনৰ ফালে পলায়ন কৰিবলৈ চেষ্টা কৰিছিল। সকলোকে ধৰা পৰিছে আৰু কঠোৰ শাস্তি দিয়া হ’ব। তেওঁ এই আক্ৰমণক বৰ্বৰ সন্ত্ৰাসবাদী কাৰ্য বুলি অভিহিত কৰিছে।
অৱশ্যে ইউক্ৰেইনৰ এই আক্ৰমণত কোনো ধৰণৰ জড়িত থকাৰ কথা অস্বীকাৰ কৰিছে। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভল’ডিমিৰ জেলেনস্কিয়ে কয় যে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে মস্কোৰ কনচাৰ্ট হলত আক্ৰমণৰ বাবে নিজৰ দেশক দোষাৰোপ কৰিব বিচাৰে। ইছলামিক ষ্টেটৰ এটা ফৈদে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে।
যোৱা দুটা দশকত ৰাছিয়াৰ ওপৰত এই আটাইতকৈ ডাঙৰ আক্ৰমণত ৰাছিয়াই এতিয়ালৈকে ১১ জন লোকক গ্ৰেপ্তাৰ কৰিছে। ইয়াৰে ৪জন আক্ৰমণকাৰী আৰু ৭জন তেওঁলোকৰ সহায়ক বুলি কোৱা হৈছে। ৰাছিয়াৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ উপ-সভাপতি দিমিত্ৰী মেডভেডেভে কয় যে ৰাছিয়াই তেজৰ প্ৰতিশোধ ল’ব।
মন কৰিবলগীয়া যে ২২ মাৰ্চ শুকুৰবাৰে নিশা ক্ৰকাছ চিটি হলত বিখ্যাত ৰাছিয়ান ৰক বেণ্ডৰ অভিনয়ৰ বাবে দৰ্শকৰ এটা বৃহৎ দল সমবেত হৈছিল। সামৰিক পোছাক পৰিহিত চাৰিজন সন্ত্ৰাসবাদীয়ে নিৰ্বিচাৰে গুলীচালনা কৰি বোমা নিক্ষেপ কৰি পলায়ন কৰে। এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰে আইছিছ-খুৰাছানে।
