আজি পৱিত্ৰ ৰাখীবন্ধন। ভাতৃ আৰু ভগ্নীৰ বাবে এক বিশেষ দিন হিচাপে মানি অহা হৈছে এই বিশেষ দিনটো। সমগ্ৰ ভাৰতবৰ্ষত উদযাপন কৰা হৈছে ৰাখীবন্ধনৰ এই বিশেষ দিনটো। কিন্তু এই বিশেষ দিনটোত নিজৰ ভাতৃলৈ মনত পেলাই আৱেগিক হৈ পৰিছে এগৰাকী ভগ্নী। সকলোৰে ভাতৃ কাষত থাকি ৰাখী পিন্ধাৰ সময়তে তেওঁ নিজৰ প্ৰয়াত ভাতৃক স্মৰণ কৰি আৱেগিক হৈ পৰিছে। ৰাখী বন্ধনৰ দিনা ভাতৃ সুশান্ত সিং ৰাজপুতৰ স্মৃতিত পুনৰবাৰ আৱেগিক হৈ পৰিল ভগ্নী শ্বেতা সিং কীৰ্তি।
ৰাখী বন্ধনৰ দিনাই ভাতৃ সুশান্তলৈ মনত পেলাই শ্বেতাই লিখিলে এটা আৱেগিক কেপচন। প্ৰকাশ কৰিলে ভাতৃলৈ থকা মনৰ অনুভৱখিনি। সুশান্তৰ ফটো শ্বেয়াৰ কৰি ভগ্নী শ্বেতাই লিখিলে… ‘‘কেতিয়াবা এনে লাগে যেন তুমি সঁচাকৈয়ে কেতিয়াও গুচি যোৱা নাছিল। তুমি এতিয়াও ইয়াতে আছা, ঠিক ওৰণিখনৰ সিপাৰে, মনে মনে চাই আছা। আৰু তাৰ পিছত… পিছৰ উশাহত বিষটো উজাই আহে। সঁচাকৈয়ে মই তোমাক আৰু কেতিয়াও দেখা নাপামনে? তোমাৰ হাঁহিটো কেৱল প্ৰতিধ্বনি হৈয়ে থাকিবনে? তোমাৰ মাত, মই ধৰিব নোৱাৰা এটা ক্ষীণ স্মৃতি?’’
ভাতৃৰ স্মৃতিৰ সৈতে এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে শ্বেতাই। আৰু এই ভিডিঅ’ সামাজিক মাধ্য়মত ভাইৰেল হৈ পৰিছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
