নতুন দিল্লী, ২৫ ফেব্ৰুৱাৰী : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাট ভ্ৰমণৰ সময়ত আজি দেওবাৰে পুৱা বেট দ্বাৰকা মন্দিৰত উপস্থিত হৈ পূজা-অৰ্চনা কৰাৰ পাছত নৱনিৰ্মিত ‘সুদৰ্শন সেতু’ নামৰ দলংখন উদ্বোধন কৰে। এই উপলক্ষে মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল আৰু ৰাজ্যিক বিজেপিৰ সভাপতি চি আৰ পাটিলো উপস্থিত থাকে।
সুদৰ্শন সেতু দেশৰ ভিতৰতে দীঘলীয়া কেবল দলং। প্ৰায় ৯৮০ কোটি টকা ব্যয়ৰে নিৰ্মিত এই কেবল দলঙে ওখা মূল ভূখণ্ডক বেট দ্বাৰকা দ্বীপৰ সৈতে সংযোগ কৰে। ইয়াৰ দৈৰ্ঘ্য ২.৩২ কিলোমিটাৰ।
আজি প্ৰধানমন্ত্ৰী মোদীয়ে গুজৰাটত বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰি ৫২,২৫০ কোটিৰো অধিক মূল্যৰ উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। ইয়াৰ ভিতৰত স্বাস্থ্য, পথ, ৰেলৱে, শক্তি, পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ, পৰ্যটনৰ দৰে গুৰুত্বপূৰ্ণ খণ্ডসমূহ অন্তৰ্ভুক্ত।
