বলীউডৰ অন্যতম সৰ্বাধিক দৰমহা পোৱা অভিনেত্ৰী অভিনেত্ৰী দীপিকা পাডুকনে যোৱা কেইদিনমানৰ পৰা বাতৰিৰ শিৰোনাম দখল কৰিছে। মাত্ৰ কেইদিনমান পূৰ্বে মুক্তি পোৱা তেওঁৰ ছবি ‘ফাইটাৰ’ হিট হৈ পৰিছে। এই ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে দীপিকা পাডুকনে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ‘পৰীক্ষা পে চৰচা’ অনুষ্ঠান চাই দীপিকা পাডুকনে যথেষ্ট আপ্লুত কৰিছে। এটা বিশেষ পোষ্ট শ্বেয়াৰ কৰি মোডীক প্ৰশংসা কৰিছে দীপিকাই। লগতে তেওঁক ধন্যবাদ জনাইছে।
দীপিকাই এই কাহিনী ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে। ইয়াত তেওঁ লিখিছে, ‘প্ৰিয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, আপোনাক বহুত বহুত ধন্যবাদ। পৰীক্ষাৰ মানসিক চাপৰ পৰা হাত সাৰিবলৈ আপুনি স্কুলীয়া ছাত্ৰ-ছাত্ৰী, তেওঁলোকৰ পিতৃ-মাতৃ আৰু শিক্ষকৰ সৈতে যি ধৰণৰ মত বিনিময় কৰে সেয়া প্ৰশংসনীয়।” ইয়াৰ লগতে দীপিকাই প্ৰধানমন্ত্ৰীৰ ‘পৰীক্ষা পে চাৰচা’ কাৰ্যসূচীৰ লিংকটোও শ্বেয়াৰ কৰে। নেটিজেন সকলে দীপিকাৰ এই পোষ্টটো বহুত লাইক কৰিছে।
দৰাচলতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শেহতীয়াকৈ ৰাজধানী দিল্লীৰ ‘পৰীক্ষা পে চৰচা’ কাৰ্যসূচীত লাখ লাখ ছাত্ৰ-ছাত্ৰীক পৰীক্ষাৰ মানসিক চাপ কমোৱাৰ বাবে বহু টিপছ দিছিল। ফাইটাৰ ছবিখনৰ কথা কওঁতে দীপিকাই ইয়াত স্কোয়াড্ৰন লিডাৰ মীনাল ৰাথোৰৰ চৰিত্ৰত অভিনয় কৰিছে। পুলৱামা আক্ৰমণৰ আধাৰত নিৰ্মিত ‘ফাইটাৰ’ ছবিখন। সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতীয় সেনাই পাকিস্তানৰ ওপৰত কেনেদৰে বিমান আক্ৰমণ চলায় সেয়া ছবিখনত দেখুওৱা হৈছে। এই ছবিখনত দীপিকাই চমকপ্ৰদ অভিনয় কৰি সকলোকে আপ্লুত কৰিছে।
