
বহু ছুপাৰহিট ছবিত কাম কৰা অভিনেত্ৰী কংগনা ৰানাৱটে এতিয়া তেওঁৰ ছবি ‘ইমাৰ্জেন্সি’ৰ বাবে শিৰোনামা দখল কৰিছে। এই ছবিখনত তেওঁক ইন্দিৰা গান্ধীৰ চৰিত্ৰত দেখা যাব। কিছুদিন পূৰ্বে মুক্তি পাইছিল এই ছবিখনৰ ট্ৰেইলাৰ। ট্ৰেইলাৰটোৱে দৰ্শকৰ পৰা ভাল সঁহাৰি পালে। তেতিয়াৰ পৰাই দৰ্শকে আগ্ৰহেৰে অপেক্ষা কৰি আছিল ‘ইমাৰ্জেন্সি’ ছবিখনলৈ। এতিয়া এই ছবিখনৰ মুক্তিৰ তাৰিখ প্ৰকাশ পাইছে।
কংগনাই নিজৰ ইনষ্টাগ্ৰামত এটা পোষ্ট শ্বেয়াৰ কৰি ‘ইমাৰ্জেন্সি’ ছবিখনৰ মুক্তিৰ তাৰিখ ঘোষণা কৰিছে। পোষ্টটোত কংগনাই শ্বেয়াৰ কৰিছে ‘ইমাৰ্জেন্সি’ ছবিখনৰ পৰা তেওঁৰ লুকৰ এখন ছবি। এই ফটোখন শ্বেয়াৰ কৰাৰ সময়ত তেওঁ লিখিছে, ‘এতিয়া ভাৰতৰ আটাইতকৈ ভয়ানক সময়ৰ কাহিনী উন্মোচন হ’বলৈ ওলাইছে। এই ছবিখন ২০২৪ চনৰ ১৪ জুনত ছবিগৃহত মুক্তি পাব। অতি নিৰ্ভীক আৰু উগ্ৰ প্ৰধানমন্ত্ৰীৰ কাহিনীৰ সাক্ষী হওক। অহা ১৪ জুনত ছবিগৃহত মুক্তি পাব কংগনাৰ ছবি ‘ইমাৰ্জেন্সি’। কংগনাৰ এই পোষ্টটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।
ইফালে যোৱা বছৰৰ ২৪ নৱেম্বৰত মুক্তি পোৱা ‘ইমাৰ্জেন্সি’ ছবিখনৰ কথা আছিল যদিও কংগনাৰ ছবি ইখনৰ পিছত সিখনকৈ অহাৰ বাবে মুক্তিৰ তাৰিখ পিছুৱাই দিয়া হয়। কংগনাইও ছচিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰি এই তথ্য দিছিল। এতিয়া এই ছবিখন ১৪ জুনত মুক্তি পাব। ভাৰতত ১৯৭৫ চনৰ ২৫ জুনত ‘জৰুৰীকালীন’ জাৰি কৰা হৈছিল। এই কথা মনত ৰাখি এই ছবিখন এতিয়া কেৱল জুন মাহতহে মুক্তি পাব।
কংগনাৰ লগতে অনুপম খেৰ, মহিমা চৌধাৰী, মিলিন্দ সোমন, প্ৰয়াত অভিনেতা সতীশ কৌশিকেও এই ছবিখনত গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে। অভিনয়ৰ সমান্তৰালকৈ কংগনাই এই ছবিখনো পৰিচালনা কৰিছে। ইয়াৰ পূৰ্বে কংগনাই ‘মণিকৰ্ণিকা’ ছবিখন পৰিচালনা কৰিছিল।
হিন্দুস্থান সমাচাৰ / লোকেশ চন্দ্ৰ/মনোজ/অৰবিন্দ
