ডিব্ৰুগড়। একত্ৰিংশতম চেপন কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ মঞ্চত বৃহস্পতিবাৰে নিশা সংগীতানুষ্ঠান পৰিবেশন কৰে অংগৰাগ পাপন মহন্তই। ৰঙালী বিহুৰ মঞ্চত সংগীতৰ মায়াজাল সৃষ্টি কৰে পাপনে। জীৱনৰ প্ৰথম গীত … মন মোৰ উৰি গুচি যাই ৰে আৰম্ভ কৰে অনুষ্ঠান…হাতত গীতাৰলৈ গাই যায় …মন মোৰ উৰি গুচি যাই…
ইয়াৰ পিছতে এইবেলি মোক…মৃগতৃঞ্চা তোমাৰ চবি চকামকা ছাঁ হৰিণীনয়না , জোনাকে বিচাৰে কি… তোমাৰ কথা ভাবিলেই জানা…। ইফালে ৰিদীপ দত্তক স্মৰণ কৰি গাই …মাইজান তোকেহে দেখা পাই… পিতৃ আৰু মাতৃ প্ৰয়াত খগেন মহন্ত আৰু অৰ্চনা মহন্তক স্মৰণ কৰি গাই …মা আমি শদিয়ালে যামেই ..। এনেদৰে কেইবাটাও কালজয়ী গীতেৰে চেপনৰ বিহু তলীত সহবেত সহস্ৰাধিক অনুৰাগীক মুহিলে পাপনে।
ইফালে আঠ বছৰৰ মুৰত চেপনলৈ আহি ভাল লাগিছে বুলি মন্তব্য় কৰে পাপনে। শিল্পীগৰাকীয়ে কয়– চেপনলৈ আহিবলৈ বাট চাই আছিলোঁ। চেপনবাসী সদায়ে মোৰ আদৰৰ।
