মাৰ্ভেলৰ অনুৰাগীক আকৌ এবাৰ ডাঙৰ আঘাত। প্ৰথমতে ‘এভেঞ্জাৰছ: ডুমছডে’ৰ টিজাৰ ছবিগৃহত মুক্তিৰ পূৰ্বে অনলাইনত ফাদিল হৈছিল আৰু এতিয়া ইয়াৰ বলি হৈছে আন এখন বহু প্ৰত্যাশিত ছবি। টম হলণ্ড অভিনীত ছবি ‘স্পাইডাৰ-মেন: ব্ৰেণ্ড নিউ ডে’ৰ প্ৰথমটো ট্ৰেইলাৰ আনুষ্ঠানিক মুক্তিৰ পূৰ্বে ছ’চিয়েল মিডিয়াত ফাদিল হোৱাৰ খবৰ পোৱা গৈছে, যাৰ ফলত ইণ্টাৰনেটত আলোড়নৰ সৃষ্টি হৈছে।
ফাদিল হোৱাৰ পিছতে নিৰ্মাতাসকলৰ একচন
খবৰ অনুসৰি ট্ৰেইলাৰটো লিক হোৱাৰ কিছু সময়ৰ পিছতে ছ’চিয়েল মিডিয়াত দ্ৰুতগতিত ভাইৰেল হৈ পৰে। কিন্তু বিষয়টোৰ গুৰুত্ব স্বীকাৰ কৰি প্ৰযোজকসকলে কপিৰাইট উলংঘাৰ কথা উল্লেখ কৰি এঘণ্টাৰ ভিতৰতে ভিডিঅ’টো আঁতৰোৱাৰ ব্যৱস্থা গ্ৰহণ কৰে। এই দ্ৰুত কাৰ্য্যৰ ফলত ভাইৰেল ফুটেজটো প্ৰকৃত বুলি জল্পনা-কল্পনাৰ সৃষ্টি হয়। খবৰ অনুসৰি লিক হোৱা ট্ৰেইলাৰটো ডেস্কটপ কম্পিউটাৰত ৰেকৰ্ড কৰা হৈছে। যদিও কিছুমান ভিজুৱেল ম্লান আছিল, অডিঅ’ স্পষ্টকৈ শুনা গৈছিল।
ট্ৰেইলাৰ লিকত প্ৰকাশ পাইছে মুখ্য ইংগিত
লিক হোৱা ট্ৰেইলাৰ অনুসৰি অভিনেত্ৰী চেডি চিংকক “স্পাইডাৰ-মেন: ব্ৰেণ্ড নিউ ডে”ত মূল নেতিবাচক চৰিত্ৰত অভিনয় কৰা হৈছে। আনকি ছ’চিয়েল মিডিয়াত একাংশ অনুৰাগীয়ে জল্পনা-কল্পনা কৰিছে যে চেডীক জিন গ্ৰেৰ ৰূপত পৰিচয় কৰাই দিয়া হ’ব পাৰে। ট্ৰেইলাৰটোত পিটাৰ পাৰ্কাৰেও নিজৰ হেৰুৱা শক্তিসমূহ পুনৰ লাভ কৰিবলৈ সংগ্ৰাম কৰি থকা দেখা গৈছে, যাৰ ফলত কাহিনীটোক এক নতুন টুইষ্ট দিছে। কিছুদিন পূৰ্বে নিৰ্মাতাসকলে ছবিখনৰ শ্বুটিং সম্পূৰ্ণ কৰিছিল, আনহাতে বৰ্তমান পোষ্ট প্ৰডাকচন চলি আছে। ২০২৬ চনৰ ৩১ জুলাইত বিশ্বৰ চিনেমাগৃহত মুক্তি পাব স্পাইডাৰ-মেন: ব্ৰেণ্ড নিউ ডে।লিক হোৱাৰ পিছতো ছবিখন আৰু ইয়াৰ অফিচিয়েল ট্ৰেইলাৰে দৰ্শকৰ মাজত কেনে অনুৰণন ঘটায় সেয়া চাবলৈ আগ্ৰহী হ’ব।
हिन्दुस्थान समाचार / অৰৱিন্দ
