২৯ আগষ্টত ডাঙৰ পৰ্দাত মুক্তি পালে সিদ্ধাৰ্থ মালহোত্ৰা আৰু জাহ্নৱী কাপুৰ অভিনীত ছবি ‘পৰম সুন্দৰী’। ছবিখনে সমালোচকৰ পৰা মিশ্ৰিত সঁহাৰি লাভ কৰাৰ বিপৰীতে দৰ্শকে প্ৰথমবাৰৰ বাবে সিদ্ধাৰ্থ আৰু জাহ্নৱীৰ যুটিৰ প্ৰশংসা কৰে। যদিও ছবিখনে মুকলিৰ দিনটোত আশা কৰা ধৰণে প্ৰদৰ্শন কৰা নাছিল, তথাপিও ছুটিৰ দিনলৈকে ছবিখনে বক্স অফিচত এক বৃহৎ জঁপিয়াই পৰিছিল। এতিয়া তৃতীয় দিনৰ উপাৰ্জনৰ হিচাপ ওলাইছে।
বক্স অফিচ ট্ৰেকাৰ ছাকনিলকৰ মতে, ‘পৰম সুন্দৰী’ মুক্তিৰ তৃতীয় দিন দেওবাৰে ১০.২৫ কোটি টকা উপাৰ্জন কৰে। প্ৰথম দিনাই ছবিখনৰ ব্যৱসায় ৭.২৫ কোটি টকা হোৱাৰ বিপৰীতে দ্বিতীয় দিনা ইয়াৰ সংগ্ৰহ ৯.২৫ কোটি টকালৈ বৃদ্ধি পায়। এইদৰে তিনিদিনত ছবিখনৰ মুঠ উপাৰ্জন হৈছে ২৬.৭৫ কোটি টকা। খবৰ অনুসৰি প্ৰায় ৪৫ কোটি টকাৰ বাজেটত ‘পৰম সুন্দৰী’ তৈয়াৰ কৰা হয়।
‘পৰম সুন্দৰী’ পৰিচালনা কৰিছে তুষাৰ জালোটাৰ। ছবিখনত সিদ্ধাৰ্থ মালহোত্ৰা আৰু জাহ্নৱী কাপুৰৰ লগতে ৰেঞ্জী পানিকৰ, সিদ্ধাৰ্থ শংকৰ, মঞ্জোৎ সিং, সঞ্জয় কাপুৰ, ইনায়ত ভাৰ্মাৰ দৰে অভিনেতাকো গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা যাব। কাহিনীটোত সিদ্ধাৰ্থই দিল্লীৰ ব্যৱসায়ীৰ চৰিত্ৰত অভিনয় কৰাৰ বিপৰীতে জাহ্নৱীয়ে কেৰালাৰ এগৰাকী শিল্পীৰ চৰিত্ৰত অভিনয় কৰিছে। ছবিখনৰ সমগ্ৰ কাহিনী এই দুজনৰ ওপৰত আবদ্ধ হৈ তেওঁলোকৰ অনন্য প্ৰেম কাহিনী দেখুৱাইছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
