সুদীৰ্ঘ ৩৩ বছৰীয়া গৌৰৱময় কেৰিয়াৰত শ্বাহৰুখ খানে বহু হিট, ছুপাৰহিট আৰু ব্লকবাষ্টাৰ ছবি আগবঢ়াইছে। তেওঁৰ শ্ৰেষ্ঠ অভিনয়ৰ বাবে ফিল্মফেয়াৰকে ধৰি বহু সন্মানীয় বঁটা লাভ কৰিছে। অৱশ্যে এতিয়ালৈকে তেওঁ কেতিয়াও ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰা নাছিল। কিন্তু এইবাৰ প্ৰথমবাৰৰ বাবে তেওঁৰ ‘জোৱান’ ছবিৰ বাবে ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে। এই বিজয় কেৱল শ্বাহৰুখৰ বাবেই নহয়, ছবিখনৰ পৰিচালক এটলীৰ বাবেও এক গৌৰৱৰ মুহূৰ্ত। এটলীৰ এই ব্লকবাষ্টাৰ ছবিখনে শ্বাহৰুখক সেই সন্মান প্ৰদান কৰিছে যাৰ বাবে তেওঁৰ অনুৰাগীসকলে বছৰ বছৰ ধৰি অপেক্ষা কৰি আছিল।
‘জোৱান’ ছবিৰ বাবে শ্বাহৰুখ খানে লাভ কৰা ৰাষ্ট্ৰীয় বঁটা কেৱল তেওঁৰ অনুৰাগীৰ বাবেই নহয় পৰিচালক এটলীৰ বাবেও অতি বিশেষ। এই সুখৰ অনুষ্ঠানত এটলীয়ে ছ’চিয়েল মিডিয়াত শ্বাহৰুখৰ সৈতে ‘জোৱান’ৰ চেটৰ পৰা তোলা ছবিসমূহ শ্বেয়াৰ কৰাৰ লগতে এটা আৱেগিক পোষ্টো লিখিছিল, শ্বাহৰুখ ছাৰ, মই বহুত সুখী, আপুনি আমাৰ ছবি ‘জোৱান’ৰ বাবে ৰাষ্ট্ৰীয় বঁটা লাভ কৰিলে। মোৰ বাবে এইটো এটা গৌৰৱ আৰু আৱেগিক মুহূৰ্ত। আপোনাৰ সৈতে এই যাত্ৰাৰ অংশ হোৱাটো মোৰ বাবে অতি প্ৰেৰণাদায়ক হৈ পৰিছে। আপোনাৰ বাবে হৃদয়ৰ পৰা ধন্যবাদ। মোক বিশ্বাস কৰি এই ছবিখনৰ দায়িত্ব দিয়া এইখন আপোনালোকলৈ মোৰ প্ৰথম প্ৰেম পত্ৰ… আৰু ছাৰ, এয়া মাত্ৰ আৰম্ভণিহে! এটলীৰ এই বাৰ্তাটোৱে তেওঁৰ আৰু শ্বাহৰুখৰ মাজত সৃষ্টিশীল বন্ধন আৰু সন্মানক সুন্দৰভাৱে প্ৰতিফলিত কৰিছে।
এটলীয়ে আৰু লিখিছে, গৌৰী খান মেম আৰু ৰেড চিলিজ এণ্টাৰটেইনমেণ্টক এই ছবিখন নিৰ্মাণৰ সুযোগ দিয়াৰ বাবে আন্তৰিক ধন্যবাদ। শ্বাহৰুখ ছাৰ, আপোনাৰ লগত থকাটো মোৰ বাবে আশীৰ্বাদতকৈ কম নহয়। এজন ফেনবয় হিচাপে, আপোনাৰ লগত কাম কৰা আৰু ছবি নিৰ্মাণ কৰাটো মোৰ বাবে ভগৱানৰ পৰা পোৱা আটাইতকৈ ডাঙৰ উপহাৰ। ইয়াতকৈ বেছি একো বিচাৰিব নোৱাৰো। মই সদায় আপোনাৰ আটাইতকৈ ডাঙৰ অনুৰাগী হৈ আহিছো। আপোনাক সকলো হৃদয়েৰে ভাল পাওঁ। ছাৰ… বহুত মৰম!
শ্বাহৰুখ খানৰ ব্লকবাষ্টাৰ ছবি ‘জোৱান’ ২০২৩ চনত ছবিগৃহত মুক্তি লাভ কৰিছিল আৰু মুক্তিৰ লগে লগে ই আলোড়নৰ সৃষ্টি কৰিছিল। এই ছবিখনৰ জৰিয়তে এই ছবিখনৰ জৰিয়তে হিন্দী চিনেমাত আত্মপ্ৰকাশ কৰিছিল দক্ষিণৰ বিখ্যাত পৰিচালক এটলীয়ে। নয়নথাৰা আৰু বিজয় ছেঠুপাঠীকো গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা গৈছিল। কেৱল বক্স অফিচতে নহয়, অ’টিটি প্লেটফৰ্মতো উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছিল ‘জোৱান’। চাকনিল্কৰ এক প্ৰতিবেদন অনুসৰি, ছবিখনে নেটফ্লিক্সত মুক্তি পোৱাৰ পিছত ভাৰতত ৬৪০.২৫ কোটি টকা উপাৰ্জন কৰাৰ বিপৰীতে বিশ্বজুৰি সংগ্ৰহৰ পৰিমাণ ১১৬০ কোটি টকা হয়।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
