


































































বজালী, ১৬ জানুৱাৰী ( হি স )। বজালীৰ ডুবিৰ পৰিহৰেশ্বৰ দেৱালয়ত আনন্দৰাম বৰুৱা একাডেমী দেওবৰীয়া বিদ্যালয়ৰ উদ্যোগত আজি কৈশল্যা-ৰয়বালা দেৱদাসী বটাঁ প্ৰদান অনুষ্ঠান অনুষ্ঠিত কৰা হয়।
আনন্দৰাম বৰুৱা একাডেমী পাঠশালাৰ অধ্যক্ষ ড০ ৰনজিৎ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত হয় বটাঁ প্ৰদান অনুষ্ঠান। প্ৰথমবাৰৰ বাবে সন্মানীয় বটাঁৰ বাবে নিৰ্বাচন কৰি বটাঁ প্ৰদান কৰিলে দেৱদাসী নৃত্যৰ জেষ্ঠা শিল্পী লীলা দাস আৰু বীণা পাটগিৰীক। সংগীত নাটক একাডেমী বঁটা প্ৰাপক ৰামকৃষ্ণ তালুকদাৰে দেৱদাসী নৃত্য সন্দৰ্ভতো কেতবোৰ তাৎপৰ্যপূৰ্ণ ভাষন আগবঢায় । বটাঁ প্ৰদান অনুষ্ঠানৰ লগত সংগতি ৰাখি দেৱদাসী নৃত্য প্ৰদৰ্শন কৰাও হয়।
হিন্দুস্থান সমাচাৰ/নিৰ্মলেন্দু/মনোজ
