মোহিত সূৰীৰ পৰিচালনাত নিৰ্মিত ৰোমান্টিক নাটক ‘ছাইয়াৰা’ই বক্স অফিচত ধাৰাবাহিকভাৱে আধিপত্য বিস্তাৰ কৰি আছে। মুক্তিৰ প্ৰথম দিনাৰ পৰাই ছবিখনে যি গতিৰে উপাৰ্জন কৰিবলৈ আৰম্ভ কৰিছিল, সেই গতিবেগে সকলোকে আচৰিত কৰি তুলিছিল। এফালে ছবিখনে প্ৰতিদিনে নতুন অভিলেখ গঢ়িবলৈ সক্ষম হোৱাৰ বিপৰীতে আনফালে অহন পাণ্ডে আৰু অনিত পদ্দাৰ যুটিয়ে দৰ্শকৰ হৃদয়ত শাসন কৰি আছে। এই দুয়োজন অভিনেতাক নিশাৰ ভিতৰতে এক নতুন পৰিচয় দিছে ছবিখনে। এতিয়া মুক্তিৰ ত্ৰয়োদশ দিনটোত ‘ছাইয়াৰা’ ছবিখনৰ উপাৰ্জনৰ পৰিসংখ্যা ওলাইছে, যিয়ে পুনৰবাৰ প্ৰমাণ কৰিছে যে এই ছবিখন দীঘলীয়া দৌৰৰ ঘোঁৰা হৈ পৰিছে ।
বক্স অফিচ ট্ৰেকিং ৱেবছাইট চাকনিল্কৰ তথ্য অনুসৰি মুক্তিৰ ত্ৰয়োদশ দিন অৰ্থাৎ দ্বিতীয় বুধবাৰে ‘ছাইয়াৰা’ই উজ্জ্বল ৭ কোটি টকা উপাৰ্জন কৰিছিল। ইয়াৰ লগে লগে ছবিখনৰ মুঠ ঘৰুৱা সংগ্ৰহ ২৭৩.৫০ কোটি টকা হৈছেগৈ। ‘ছাইয়াৰা’ৰ যাদু কেৱল ভাৰততে নহয় বিদেশতো শিখৰত উপনীত হৈছে। এই ছবিখনে এই পৰ্যন্ত বিশ্বজুৰি ৪১৩.৭৫ কোটিতকৈ অধিক উপাৰ্জন কৰিছে। এই সংখ্যাবোৰলৈ চালে স্পষ্ট হৈ পৰে যে এই মুহূৰ্তত বক্স অফিচ এৰিবলৈ কোনো মুডত নাই ‘ছাইয়াৰা’।
৬১৫.৩৯ কোটি টকাৰ প্ৰচণ্ড ধন উপাৰ্জন কৰা ভাৰতৰ সৰ্বাধিক উপাৰ্জন কৰা ছবিৰ তালিকাৰ ভিতৰত এতিয়াও শীৰ্ষত আছে ভিকি কৌশলৰ ‘ছাৱা’। একে সময়তে এতিয়া এই তালিকাৰ দ্বিতীয় স্থানত উপনীত হৈছে ‘ছাইয়াৰা’। গভীৰ ঘাঁৰ মাজেৰে পাৰ হৈ যোৱা বাণী বাতৰা (অনিতা পদ্দা) আৰু ভগ্ন সপোনবোৰ মেৰামতি কৰিবলৈ চেষ্টা কৰা কৃষ্ণ কাপুৰ (অহান পাণ্ডে)ক কেন্দ্ৰ কৰি ‘ছাইয়াৰা’ ছবিখনৰ কাহিনী। এই ছবিখনে সংবেদনশীলভাৱে উপস্থাপন কৰিছে তেওঁলোকৰ দুখ আৰু আশাৰে ভৰা প্ৰেম কাহিনী, যিয়ে দৰ্শকৰ হৃদয় চুই গৈছে।
हिन्दुस्थान समाचार / Manoj Kumar Saikia
