মিয়ামি গাৰ্ডেনছ (ফ্ল’ৰিডা), ৩১ জুলাই (হি.স.)। ইণ্টাৰ মিয়ামিৰ ছুপাৰষ্টাৰ লিয়নেল মেছিয়ে দুটা সুন্দৰ এছিষ্টেৰে নিজৰ দলটোক বুধবাৰে (ভাৰতীয় সময় অনুসৰি বৃহস্পতিবাৰে) এটলাছৰ বিৰুদ্ধে ২-১ গ’লত ৰোমাঞ্চকৰ জয় প্ৰদান কৰে।
এম এল এছ অল ষ্টাৰ গেমত অংশ নোলোৱাৰ বাবে এক মেচৰ নিলম্বিত হৈ তেওঁ আৰু তেওঁৰ সতীৰ্থ জৰ্ডি আলবাই খেলপথাৰলৈ উভতি অহাৰ এইখন আছিল মেছিৰ প্ৰথমখন মেচ। মেচখনৰ অন্তিম চেকেণ্ডত মেচীয়ে মাৰ্চেলো ভিগাণ্টক নিৰ্ণায়ক গ’লটোৰ বাবে সহায় কৰে আৰু ইণ্টাৰ মিয়ামীয়ে জয়লাভ কৰে।
মেচখনৰ প্ৰথমটো গ’ল ৫৮ মিনিটত টেলাস্কো চেগোভিয়াক পাছ দি মেচীয়ে গ’লটোৰ আৰম্ভণি কৰে। ইয়াৰ পাছতে ৮২ মিনিটত এটলাছৰ হৈ ৰিভাল্ডো লোজানোৱে সমতা স্থাপন কৰে।
অৱশ্যে ৯৬ মিনিটত উইগাণ্টে নিৰ্ণায়ক গ’লটো দিয়ে, যিটো প্ৰথমে অফছাইড বুলি গণ্য কৰা হৈছিল যদিও ভিডিঅ’ এচিষ্টেণ্ট ৰেফাৰীয়ে (ভিএআৰ) নিশ্চিত কৰাৰ পিছত গ’লটো বৈধ বুলি ঘোষণা কৰে।
এই জয়ৰ লগে লগে জুলাই মাহত মেছিৰ মুঠ এছিষ্ট পাঁচটা হৈছেগৈ। এই মাহত তেওঁ আঠটা গ’লও কৰিছিল, যাৰ বাবে তেওঁক মেজৰ লীগ ছকাৰ প্লেয়াৰ অৱ দ্য মান্থ হিচাপে নিৰ্বাচিত কৰা হৈছিল। এই সময়ছোৱাত ইণ্টাৰ মিয়ামীয়ে এম এল এছত ৪টা জয়, ১টা পৰাজয় আৰু ১টা ড্ৰ’ লাভ কৰে।
প্ৰথমাৰ্ধত দুয়োটা দলে বহু সুযোগ সৃষ্টি কৰিলেও গ’ল দিব নোৱাৰিলে। প্ৰথমাৰ্ধত মিয়ামিৰ গ’লৰক্ষক ৰ’কো ৰিঅ’ছ ন’ভ’ই তিনিটা উৎকৃষ্ট ছেভ কৰিছিল, য’ত এটা সময়ত এডুয়াৰ্ডো আগুইৰেৰ হেডাৰটো উজ্জ্বলভাৱে ৰখাইছিল। অৰ্ধৰ শেষ মুহূৰ্তত লুইছ ছুৱেৰেজৰ শক্তিশালী শ্বট ক্ৰছবাৰত খুন্দা মাৰে।
এই মেচখনত আৰ্জেণ্টিনাৰ মিডফিল্ডাৰ ৰড্ৰিগো ডি পলে ইণ্টাৰ মিয়ামিৰ হৈ অভিষেক ঘটায়। মেছিৰ ৰাষ্ট্ৰীয় সতীৰ্থ ডি পলে যোৱা সপ্তাহতহে ক্লাবৰ সৈতে আনুষ্ঠানিক চুক্তি স্বাক্ষৰ কৰিছিল।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
