আকৌ এবাৰ বক্স অফিচত দেখা গ’ল প্ৰভাসৰ যাদু। ছবিখনৰ বিস্ফোৰক একচন দৃশ্য আৰু তাৰকা অভিনেতাসকলৰ অভিনয়ৰ বাবে প্ৰশংসা কৰা হৈছে। প্ৰভাসৰ ছবি ‘ছালাৰ’ই যেন বক্স অফিচত বিপুল ধন উপাৰ্জন কৰিছে।
সাকনিলকৰ প্ৰতিবেদন অনুসৰি ‘ছালাৰ’ই প্ৰথম দিনাই ৯০ কোটিৰো অধিক উপাৰ্জন কৰে। দ্বিতীয় দিনা ৫৬.৭ কোটি টকাৰ ব্যৱসায় কৰিছিল ছবিখনে। তৃতীয় দিনা ‘ছালাৰ’ই ৬১ কোটি টকা উপাৰ্জন কৰিছে। এই তিনিদিনত ‘ছালাৰ’ই ভাৰতত ২০৮ কোটি টকাৰ ব্যৱসায় কৰাৰ বিপৰীতে ছবিখনে বিশ্বজুৰি ৪০০ কোটি টকাৰ সীমা অতিক্ৰম কৰিছে।
বক্স অফিচত ব্যাপক হিট লাভ কৰিছে ‘ছালাৰ’। পৰিচালক প্ৰশান্ত নীলৰ বাবে এখন অতি গুৰুত্বপূৰ্ণ ছবি ছালাৰ। ইয়াৰ পূৰ্বে তেওঁ ৰকিং ষ্টাৰ ইয়াছৰ সৈতে ‘কে জি এফ চেপ্টাৰ ১’ আৰু ‘কে জি এফ চেপ্টাৰ ২’ৰ দৰে ব্লকবাষ্টাৰ ছবি কৰিছিল। উপাৰ্জনৰ ক্ষেত্ৰতো এই সোণালী ছবিবোৰে ঢৌ খেলিছিল। এতিয়া ‘ছালাৰ’ও তেওঁৰ ছুপাৰহিট ছবিৰ তালিকাত অন্তৰ্ভুক্ত হ’ব।
হিন্দুস্থান সমাচাৰ/লোকেশ/মনোজ
