অভিনেতা আহান পাণ্ডেয়ে এইকেইদিন ছ’চিয়েল মিডিয়াত বহু শিৰোনাম দখল কৰিছে তেওঁৰ ছবি ‘ছাইয়াৰা’ৰ বাবে। অৱশ্যে ছবিৰ ক্ষেত্ৰখনত ভৰি দিয়াৰ আগতেই ইনষ্টাগ্ৰাম ৰিলৰ জৰিয়তে আহানে লাইমলাইটলৈ আহিছিল। শেহতীয়াকৈ তেওঁ প্ৰকাশ কৰিছে যে এই ৰিলৰ আঁৰত তেওঁৰ এটা বিশেষ কাৰণ আছে।
অভিনেতা আহান পাণ্ডেৰ মতে, উদ্যোগটোত স্থান দখল কৰিবলৈ আৰু কাম পাবলৈ তেওঁ ইনষ্টাগ্ৰামত অবিৰতভাৱে ৰিল বনাইছিল। এটা সাক্ষাৎকাৰৰ সময়ত আহানে কয় যে, মই ইনষ্টাগ্ৰামত বনোৱা ভিডিঅ’বোৰ মোৰ প্ৰকৃত ৰূপ নাছিল। ই আছিল এটা বেলেগ মুখ, যিটো মই কেৱল কাম পাবলৈ সৃষ্টি কৰিছিলো।
আহানে এই কথাও স্বীকাৰ কৰে যে চলচ্চিত্ৰ জগতত স্থান পাবলৈ হ’লে প্ৰায়ে এটা বিশেষ ধৰণৰ আচৰণ গ্ৰহণ কৰিবলগীয়া হয়। তেওঁ কয়, মোৰ মা-দেউতাইও বুজাই দিছিল যে কাম পাবলৈ এই কাম কৰাটো প্ৰয়োজনীয়। কিন্তু মই এই কথাৰ বাবে অনুশোচনা কৰিছো, কাৰণ সেইজনেই আচল মই নাছিলোঁ।
আহান পাণ্ডেই তেওঁৰ কথা-বতৰাত স্পষ্ট কৰি দিয়ে যে ছ’চিয়েল মিডিয়াত দেখুওৱা তেওঁৰ ৰূপ বাস্তৱৰ পৰা বহু বেলেগ। তেওঁ কয়, বাস্তৱ জীৱনত মই সম্পূৰ্ণ বেলেগ। মোৰ বন্ধু, পৰিয়াল আৰু ঘনিষ্ঠ লোকে প্ৰকৃত মোক চিনি পায়। মই ছ’চিয়েল মিডিয়াত দেখাতকৈ বহুত বেছি শান্ত আৰু সহজ।
আহানে লগতে স্পষ্ট কৰি দিয়ে যে ইনষ্টাগ্ৰামত তেওঁৰ উপস্থিতি কেৱল কাম পাবলৈ চেষ্টা কৰাৰ বাবেহে। আমোদজনক কথাটো হ’ল তেওঁ অতি সোনকালে ‘জৱান’ৰ পৰিচালক আটলীৰ সৈতে কাম কৰিব। ইয়াৰ পৰা এইটোও প্ৰমাণিত হৈছে যে ষ্টাৰ কিডসকলেও উদ্যোগটোত স্থান লাভ কৰিবলৈ সংগ্ৰাম কৰিবলগীয়া হয়।
हिन्दुस्थान समाचार / আলোক চক্ৰৱৰ্তী
