কাৰ্বি আংলং, ২৯ অক্টোবৰ (হি.স.): অসমৰ অন্যতম ভূমিপুত্ৰ তিৱা জনগোষ্ঠীৰ হেৰাই যাবলৈ ধৰা ঐতিহাসিক লাংখন পূজা পশ্চিম কাৰ্বি আংলঙৰ ডেৰামূখত উদযাপন কৰা হয়। জিলাখনৰ বিভিন্ন ঠাইত বসবাস কৰি থকা তিৱাসকলৰ মাজত জীৱিত কৰি ৰখাৰ লক্ষ্যৰে যোৱা বছৰৰ অক্টোবৰ মাহৰ কালিৰ তাৰিখতে পোন প্ৰথমবাৰৰ বাবে নামতৰাডুবিত অনুষ্ঠিত কৰা দ্বিতীয় বাৰ্ষিক লাংখন পূজাটো ডেৰামূখ মধ্য ইংৰাজী বিদ্যালয়ৰ খেল পথাৰত অনুষ্ঠিত হয়।
কাৰ্বি আংলং তিৱা সাংস্কৃতিক সমাজৰ উদ্যোগত আৰু ৰংখাং মাণ্ডলিক সমিতিৰ সহযোগত শনিবাৰে এদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা দ্বিতীয় বাৰ্ষিক লাংখন পূজাৰ কাৰ্যসূচী অনুসৰি লাংৰা মুকলি, তিৱা সাংস্কৃতিক সমাজৰ পতাকা উত্তোলন, ৭ লৰ ফৈদৰ লাংখন স্থাপন, স্মৃতি তৰ্পন, বৃক্ষ ৰোপণ, তিৱা লোক-কৃষ্টি প্ৰদৰ্শন আৰু চাৰে এঘাৰ বজাত মুকলি সভাখন অনুষ্ঠিত হয়। সভাত সভাপতিত্ব কৰে কাৰ্বি আংলং জিলা তিৱা সাংস্কৃতিক সমাজৰ সভাপতি কুমুদ মিথিয়ে । সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰভাত চন্দ্ৰ তাৰো । সভাত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে পৰিষদৰ কাৰ্যবাহী ডি উফিং মাছলাই আৰু বিজেপি পশ্চিম কাৰ্বি আংলং জিলাৰ সভাপতি ৰংহাঙে ।
সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে তিৱা সাংস্কৃতিক সমাজৰ কেন্দ্ৰীয় সমিতিৰ প্ৰতিষ্ঠাপক সভাপতি দিনেন চাগ্ৰাই । সভাত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে কাৰ্বি আংলং জিলা এটচুৰ উপ-সভাপতি শ্ৰৱন কুমাৰ চাগ্ৰা, জিলা টি এম টি ৰ উপ-সভাপতি বুদ্ধেশ্বৰ চাগ্ৰা, সাংগঠনিক সম্পাদক নৃপেন মছৰং, সদস্য দিব্যজ্যোতি চাগ্ৰা, টিচিএচৰ ৰংখাং আঞ্চলিক সমিতিৰ সভাপতি মতিলাল চাগ্ৰা, জিলা নেপালী সাহিত্য সভাৰ সভাপতি লীলা নিৰোলা , টিচিএচৰ প্ৰাক্তন সদস্য তৰুণ লালুং, দেহিৰাম চাগ্ৰা, জিলা এটচুৰ প্ৰাক্তন সদস্য বিপিন মাগৰ, জিলা টি এম টিৰ সদস্য ফটিক মিথি আদি বিষয়ববীয়াসকল উপস্থিত থাকে। সন্ধিয়া ৬ বজাত বৰ্ণিল সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। ৰাংকে টেৰণ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক নৃপেন পাটৰে উদ্ধোধন কৰা অনুষ্ঠানত গীত পৰিৱেশন কৰে আমন্ত্ৰিত কণ্ঠ ৰাজেন গাওঁখোৱা, ৰীণা ৰংহাংপী আৰু গণেশ টেৰণে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
