নগাঁও, ২৯ অক্টোবৰ (হি.স.): নগাঁৱৰ ধিঙৰ ৰজাবাৰী আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত নৈশ প্ৰাইজমানি ক্ৰিকেট প্ৰতিযোগিতা আয়োজন কৰা হৈছে। অহা ৩০ অক্টোবৰৰ পৰা ১ নৱেম্বৰলৈ তিনিদিনীয়াকৈ ৰজাবাৰী খেলপথাৰত অনুষ্ঠিত হ’ব এই নৈশ ক্ৰিকেট প্ৰতিযোগিতা । তাৰ বাবে পূৰ্ণপ্ৰস্তুতি চলাইছে ৰজাবাৰী আঞ্চলিক ক্ৰীড়া সন্থাই ।
উল্লেখ্য যে, এই নৈশ ক্ৰিকেট প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব জম্মু কাশ্মীৰ, বিহাৰ, উত্তৰাখণ্ড, কৰ্ণাটক, পশ্চিমবঙ্গৰ লগতে বাংলাদেশৰ বহু কেইটা ক্ৰিকেট দলে । ৰজাবাৰী আঞ্চলিক ক্ৰীড়া সন্থাই ৩০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব লগা নৈশ ক্ৰিকেট প্ৰতিযোগিতাখনত সমূহ ৰাইজৰ সহায় সহযোগিতাৰ লগতে উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
