বলীউডৰ অভিনেতা ছানী ডিওলৰ বহু প্ৰত্যাশিত ছবি বৰ্ডাৰ ২ৰ বাবে দৰ্শকৰ উত্তেজনা বৃদ্ধি পাইছে। ১৯৯৭ চনৰ আইকনিক ছবি বৰ্ডাৰৰ এই ছিকুৱেলখন ২৩ জানুৱাৰীত চিনেমাগৃহত মুক্তি পাব। ছবিখনৰ লগতে বহু প্ৰত্যাশিত ইয়াৰ আৱেগিক গীত ঘৰ কব আওগে মুক্তিৰ সময়ো শেষ হৈ গৈছে। ইউটিউবকে ধৰি সকলো ডাঙৰ সংগীত প্লেটফৰ্মতে শুনা যাব পৰা গীতটোৰ অডিঅ’ সংস্কৰণ মুকলি কৰিছে নিৰ্মাতাসকলে।
মূল ছবিখনৰ আইকনিক গীত সন্দেছে আতে হায়ৰ পুনৰ সৃষ্টি কৰা সংস্কৰণ ঘৰ কব আওগেৰ সময়সীমা ১০ মিনিট ৩৪ ছেকেণ্ড। এই দেশপ্ৰেমমূলক গীতটি কণ্ঠদান কৰিছে সোণু নিগম, অৰিজিত সিং, দিলজিৎ দোসাঞ্জ, আৰু বিশাল মিশ্ৰই। আৱেগিক গীতৰ কথা ৰচনা কৰিছে মনোজ মুন্তশ্বিৰ, আনহাতে সংগীতৰ ৰচনা কৰিছে মিথুনে। মুক্তিৰ পিছৰে পৰা অনুৰাগীৰ মাজত প্ৰচণ্ড উত্তেজনাৰ সৃষ্টি কৰিছে এই গীতটোৱে।
বৰ্ডাৰ ২ ছবিখনত দিলজিৎ দোসাঞ্জ, বৰুণ ধাৱন, আহন শেট্টী, মোনা সিং, সোণম বাজৱা, আৰু মেধা ৰাণাৰ সৈতে ছানী দেউলে অভিনয় কৰিছে। শক্তিশালী তাৰকা অভিনেতা, দেশপ্ৰেমমূলক কাহিনী, আৱেগিক সংগীতৰ সৈতে এই ছবিখনক বছৰৰ অন্যতম ডাঙৰ ছবি হিচাপে প্ৰচাৰ কৰা হৈছে। বৰ্ডাৰ ২ মুক্তিৰ লগে লগে দৰ্শকৰ ওপৰত কিমান গভীৰ প্ৰভাৱ পেলাব সেয়া চাবলৈ আগ্ৰহী হ’ব।
हिन्दुस्थान समाचार / অৰৱিন্দ
