অভিনেত্ৰী মাধুৰী দীক্ষিতৰ ছবি ‘পঞ্চক’ দৰ্শকৰ বাবে সাজু হৈছে। মাৰাঠী ছবি ‘পঞ্চক’ মুক্তিৰ পূৰ্বে মাধুৰী দীক্ষিতে পৰিয়ালৰ সৈতে সিদ্ধিবিনায়ক ভ্ৰমণ কৰিছিল।
অভিনেত্ৰী মাধুৰী দীক্ষিতে স্বামী ড০ শ্ৰীৰাম নেনে আৰু পুত্ৰ অৰিণ-ৰিয়ানৰ সৈতে প্ৰভাদেৱীৰ সিদ্ধিবিনায়ক মন্দিৰত উপস্থিত হৈ তেওঁৰ আগন্তুক ছবি মাৰাঠী ছবি ‘পঞ্চক’ৰ বাবে বাপ্পাৰ পৰা আশীৰ্বাদ লৈছিল।
মাধুৰী দীক্ষিতে কয় যে তেওঁ গণপতি বাপ্পাক দৰ্শন কৰিবলৈ ইয়ালৈ আহিছে। তেওঁ কয় যে তেওঁৰ ছবি ‘পঞ্চক’ মুক্তি লাভ কৰিব। তেওঁ সকলোকে ছবিখন চাবলৈ আহ্বান জনায়। হাঁহি হাঁহি মাধুৰীয়ে কয় যে ছবিখন মাৰাঠী ভাষাত হ’লেও নিশ্চয় উপশিৰোনামা থাকিব।
উল্লেখযোগ্য যে আগন্তুক মাৰাঠী ছবি ‘পঞ্চক’ৰ প্ৰযোজক হিচাপে নতুন ভূমিকাত ভৰি দিছে মাধুৰী দীক্ষিতে। ২০২৩ চনৰ ১২ ডিছেম্বৰত মাধুৰীৰ ইউটিউব চেনেলত মুক্তি লাভ কৰিছিল ছবিখনৰ অফিচিয়েল ট্ৰেইলাৰ। ৰাহুল আৱাটে আৰু জয়ন্ত জাথাৰৰ পৰিচালনা আৰু ৰচনা কৰা এই ছবিখনত আছে আকৰ্ষণীয় কলাকুশলী। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে আদিনাথ কোথাৰে, দিলীপ প্ৰভাৱলকাৰ, ভাৰতী আচৰেকাৰ, আনন্দ ইংলে, তেজশ্ৰী প্ৰধান, সতীশ আলেকাৰ, নন্দিতা পাটকাৰ, সাগৰ তালশিকৰ, সম্পাদা কুলকাৰ্ণী, আশীষ কুলকাৰ্ণী, দীপ্তি দেৱী, বিদ্যাধৰ যোশী, গণেশ মায়েকাৰ আৰু আৰতি ৱাডগাবলকাৰে। ২০২৪ চনৰ ৫ জানুৱাৰীত ছবিগৃহত মুক্তি পাব। কংকনৰ চিত্ৰময় পটভূমিত নিৰ্মিত ‘পঞ্চক’ অন্ধবিশ্বাস আৰু মৃত্যুৰ ভয়ৰ বিষয়বস্তুৰ ওপৰত আধাৰিত ডাৰ্ক কমেডীৰ ধাৰাটোৰ ওপৰত আধাৰিত ছবি।
হিন্দুস্থান সমাচাৰ/লোকেশ/মনোজ/অৰবিন্দ
