জম্মু, ০২ জানুৱাৰী (হি.স.)। মঙলবাৰে পুৱা জম্মু-কাশ্মীৰত অনুভূত হয় ভূমিকম্প জোকাৰণি। এই ভূমিকম্পৰ কোনো ধৰণৰ ক্ষতিৰ কোনো তথ্য পোৱা নাই।
ৰাষ্ট্ৰীয় ভূমিকম্পবিজ্ঞান কেন্দ্ৰই জনোৱা মতে, পুৱা ১১.৩৩ বজাত জম্মু-কাশ্মীৰত ৩.৯ ৰিখটাৰ স্কেলৰ ভূমিকম্প অনুভূত হয়। ইয়াৰ গভীৰতা ভূপৃষ্ঠৰ পৰা পাঁচ কিলোমিটাৰ তলত বুলি লিপিবদ্ধ কৰা হৈছে। অৱশ্যে ভূমিকম্পৰ ফলত হোৱা কোনো ধৰণৰ ক্ষতিৰ কোনো তথ্য পোৱা নাই।
ইয়াৰ পূৰ্বে সোমবাৰে নিশা লাডাখতো ভূমিকম্পৰ কম্পন অনুভৱ কৰা হৈছিল। ভূমিকম্পৰ তীব্ৰতা ৰিখটাৰ স্কেলত ৩.৬ ৰেকৰ্ড কৰা হৈছে।
হিন্দুস্থান সমাচাৰ/বলৱান/মনোজ/অৰবিন্দ
