গোলাঘাট, ০৯ জানুৱাৰী (হি স)। গোলাঘাট জিলাৰ দেৰগাঁৱত তিনিদিনীয়াকৈ অনুষ্ঠিত হৈ যায় নৃত্যাঞ্জলী কলাকেন্দ্ৰৰ সৰ্বভাৰতীয় নৃত্য,নাট্য, লোকসংগীত মহোৎসৱ। বৃহস্পতিবাৰৰ পৰা দেৰগাঁৱত অনুষ্ঠিত হৈ থকা নৃত্যাঞ্জলী কলাকেন্দ্ৰৰ সৰ্বভাৰতীয় নৃত্য, নাট্য, লোকসংগীত, মহোৎসৱৰ সোমবাৰে আছিল অন্তিমটো দিন। সোমবাৰে নিশা দেৰগাঁৱত অনুষ্ঠান পৰিৱেশন কৰে হাৰ্ট থ্ৰব জুবিন গাৰ্গে ।
অন্তিম দিনৰ কাৰ্যসূচীৰ নিশা জুবিন গাৰ্গৰ স্ংগীতানুষ্ঠানেৰে সামৰণি পৰে এই মহোৎসৱৰ। জুবিন গাৰ্গৰ এই অনুষ্ঠান উপভোগ কৰিবলৈ লোকে লোকাৰণ্য় হৈ পৰে দেৰগাঁৱৰ নৰেন শৰ্মা স্মৃতি পথাৰ।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
