-এতিয়ালৈকে ধ্বংসাৱশেষৰ পৰা ১৮০টা মৃতদেহ উদ্ধাৰ
টকিঅ’, ০৯ জানুৱাৰী (হি.স.)। নৱবৰ্ষৰ দিনা জাপানত হোৱা প্ৰচণ্ড ভূমিকম্পৰ পিছত সংঘটিত হোৱা অগ্নিকাণ্ডই ইছিকাৱা প্ৰিফেকচাৰত ব্যাপক বিধ্বংসী ৰূপ ধাৰণ কৰিছে। শ শ বাসগৃহ আৰু দোকান ধ্বংস হৈছে। নিৰুদ্দেশ হোৱা লোকৰ সন্ধান চলাই আছে আৰক্ষীয়ে। এই প্ৰদেশত এতিয়ালৈকে ১৮০ জন লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত হৈছে।
স্থানীয় বাতৰি কাকত দ্য জাপান টাইমছে প্ৰকাশ কৰা অনুসৰি মঙলবাৰে ইছিকাৱা প্ৰিফেকচাৰত অগ্নিকাণ্ডত ধ্বংস হোৱা এখন বজাৰৰ জ্বলি যোৱা অৱশিষ্টত আৰক্ষীয়ে চলাধ কৰে। এই সময়ছোৱাত বহু মৃতদেহ উদ্ধাৰ কৰা হয়। বিষয়াসকলে জনোৱা মতে, দুৰ্যোগত মৃত্যু হোৱা লোকৰ সংখ্যাও ১৮০ জনলৈ বৃদ্ধি পাইছে। ইয়াৰ ভিতৰত ৱাজিমা চহৰৰ ৮১জন লোকো আছে। ৱাজিমা মৰ্নিং মাৰ্কেটত প্ৰায় ১০০ জন উদ্ধাৰ কৰ্মীয়ে নিৰুদ্দেশ হোৱা লোকৰ সন্ধানত অভিযান চলায়।
খবৰ অনুসৰি ইছিকাৱাত বৰফ, বৰষুণ আৰু উষ্ণতা হ্ৰাসে সাহায্য প্ৰদানৰ কাম জটিল কৰি তুলিছে। উল্লেখযোগ্য যে ১ জানুৱাৰীত ৭.৬ প্ৰাবল্যৰ ভূমিকম্পৰ পিছত ১২০০ৰো অধিক কম্পন অনুভৱ কৰা হৈছিল।
হিন্দুস্থান সমাচাৰ/মুকুন্দ/মনোজ
