বিগত কিছুদিন ধৰি বলীউডৰ প্ৰবীণ অভিনেতা ধৰ্মেন্দ্ৰ অসুস্থ হৈ আছিল যদিও এতিয়া তেওঁক মুম্বাইৰ ব্ৰিচ কেণ্ডি হস্পিতালৰ পৰা মুকলি কৰি দিয়া হৈছে। তেওঁৰ আৰোগ্যৰ খবৰে অনুৰাগীসকলৰ বাবে সকাহৰ হুমুনিয়াহ কঢ়িয়াই আনিছিল আৰু অভিনেতাগৰাকীৰ আশু আৰোগ্যৰ বাবে ছ’চিয়েল মিডিয়াত প্ৰাৰ্থনা কৰি আছে। ইফালে ধৰ্মেন্দ্ৰৰ পুত্ৰ তথা অভিনেতা ছানী দেওলৰ ভিডিঅ’ প্ৰকাশ পাইছে, য’ত তেওঁ সংবাদ মাধ্যমক তীব্ৰ সমালোচনা কৰা দেখা গৈছে।
ধৰ্মেন্দ্ৰৰ ঘৰৰ বাহিৰত ছানি দেউলৰ ক্ষোভপ্ৰকাশ
খবৰ অনুসৰি, ধৰ্মেন্দ্ৰ চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতি অহাৰ পিছৰে পৰা ধৰ্মেন্দ্ৰৰ জুহু বাংলোৰ বাহিৰত সংবাদ মাধ্যম আৰু পাপাৰাজীৰ এক বৃহৎ ভিৰ সমবেত হৈছিল। বুধবাৰে পুৱা যেতিয়া ছানী দেওলে নিজৰ ঘৰৰ পৰা ওলাই আহিছিল তেতিয়া তাত উপস্থিত থকা মিডিয়া ফটোগ্ৰাফাৰসকলৰ ওপৰত অসন্তুষ্টি প্ৰকাশ কৰিছিল। ভিডিঅ’টোত ছানীয়ে হাত ভাঁজ কৰি কোৱা শুনা যায়, আপোনাৰ ঘৰত মাক-দেউতাক আৰু সন্তান আছে… লাজ নাই নেকি?
অভিনেতা গৰাকীৰ এই ভিডিঅ’টো ছচিয়েল মিডিয়াত দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে। অনুৰাগীসকলে কয় যে ছানিৰ ক্ষোভ ন্যায্য, কিয়নো বৰ্তমান দেওল পৰিয়ালে আৱেগিকভাৱে কঠিন সময়ৰ মাজেৰে পাৰ হৈ আহিছে। ইয়াৰ পূৰ্বে দেওল পৰিয়ালে আনুষ্ঠানিক বিবৃতিযোগে সংবাদ মাধ্যমক গোপনীয়তা বজাই ৰাখিবলৈ আৰু উৰাবাতৰি প্ৰচাৰৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছিল। বৰ্তমান ধৰ্মেন্দ্ৰ ঘৰতে আছে আৰু চিকিৎসকৰ তত্বাৱধানত লাহে লাহে সুস্থ হৈ উঠিছে।
हिन्दुस्थान समाचार / অৰৱিন্দ
