অজয় দেৱগনৰ ছবি ‘ছন অৱ চৰ্দাৰ-২’ৰ পৰা দৰ্শক আৰু প্ৰযোজকসকলে বহু আশা কৰিছিল যদিও বক্স অফিচত ইয়াৰ যাত্ৰা এতিয়ালৈকে হতাশাজনক। মুক্তিৰ ১০ দিন সম্পূৰ্ণ হোৱাৰ পিছতো ছবিখনে আৰম্ভণিৰে পৰাই দৰ্শকক আকৰ্ষণ কৰিবলৈ সংগ্ৰাম কৰিছিল। আনকি ছুটিৰ দিনতো ইয়াৰ উপাৰ্জনত কোনো বিশেষ উত্থান হোৱা নাছিল। এতিয়া ছবিখনৰ দশম দিনৰ উপাৰ্জন ওলাইছে।
বক্স অফিচৰ ট্ৰেকাৰ চাকনলিক ৰ মতে ‘ছন অৱ চৰ্দাৰ-২’ য়ে ৯ তাৰিখ অৰ্থাৎ শনিবাৰে ৪ কোটি টকা উপাৰ্জন কৰাৰ বিপৰীতে দশম দিন অৰ্থাৎ দ্বিতীয় দেওবাৰে ইয়াৰ সংগ্ৰহ হ্ৰাস পাই মাত্ৰ ৩.৭৫ কোটি টকা হয়। এইদৰে ছবিখনে ১০ দিনত মুঠ ৪২ কোটি টকাৰ ব্যৱসায় কৰিছে। কোৱা হৈছে যে ‘ছন অৱ চৰ্দাৰ-২’ৰ বাজেট প্ৰায় ১৫০ কোটি টকা।
‘ছন অৱ চৰ্দাৰ-২’ৰ পৰিচালক হৈছে বিখ্যাত পাঞ্জাবী চিনেমা চলচ্চিত্ৰ নিৰ্মাতা বিজয় কুমাৰ অৰোৰা, যিয়ে এই ছবিখনৰ জৰিয়তে বলীউডত পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰিছে। এইবাৰ প্ৰথমবাৰৰ বাবে অভিনেত্ৰী মৃণাল ঠাকুৰৰ সৈতে যোৰ কৰা হৈছে অজয় দেৱগনৰ। ছবিখনত নীৰু বাজৱা, ৰোশনী ৱালিয়া, কুবৰা সাইট, দীপক ডোবৰিয়াল, চাহিল মেহতা, চাংকি পাণ্ডে, ৰবি কিষাণ আদি অভিনেতাইও গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে। এই ছবিখনত অভিনয় কৰাৰ উপৰিও অজয়ে সহ-প্ৰযোজকৰ দায়িত্বও পালন কৰিছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
