ভাৰতৰ সৰ্ববৃহৎ হৰৰ-ফেণ্টাচি ছবি ‘দ্য ৰাজা চাব’ৰ নিৰ্মাতাসকলে বোমন ইৰাণীৰ জন্মদিনক চিনেমাৰ দৰে উদযাপনলৈ ৰূপান্তৰিত কৰিলে। এই বিশেষ উপলক্ষে দলটোৱে অভিনেতাগৰাকীৰ নতুন ৰূপৰ পোষ্টাৰ মুকলি কৰি ছ’চিয়েল মিডিয়াত এক হুলস্থুলৰ সৃষ্টি কৰে আৰু উদ্যোগটোত উত্তেজনা আৰু অধিক ইন্ধন যোগায়।
ছবিখনত বোমান ইৰাণীয়ে এজন মনোৰোগ বিশেষজ্ঞ, সম্মোহনকাৰী আৰু পেৰানৰ্মেল ইনভেষ্টিগেটৰৰ চৰিত্ৰত অভিনয় কৰা দেখা যাব। তেওঁৰ চৰিত্ৰটোৱে বুদ্ধি, ৰহস্য আৰু অলৌকিকতাৰ অন্বেষণৰ এক অনন্য মিশ্ৰণক প্ৰতিনিধিত্ব কৰে। তেওঁৰ জন্মদিনত মুকলি কৰা এই বিশেষ পোষ্টাৰখনে ছবিখনৰ মানসিক দিশটোৰ আটাইতকৈ শক্তিশালী আভাস দিছে। অন্ধকাৰ পটভূমিত হাতত লাঠি লৈ বোমান ইৰাণীয়ে যেন এখন অদৃশ্য, ৰহস্যময় পৃথিৱীৰ তৰপবোৰৰ গভীৰতালৈ সোমাই গৈছে।
এই উপলক্ষে বোমান ইৰাণীৰ বাবে নিৰ্মাতাসকলে এটা বিশেষ বাৰ্তাও শ্বেয়াৰ কৰে, য’ত লিখা আছিল, বাস্তৱ আৰু অজ্ঞাতৰ মাজত থিয় দিয়াজন… ‘দ্য ৰাজা চাব’ৰ দলৰ পৰা বোমান ইৰানীক জন্মদিনৰ শুভেচ্ছা জনালোঁ।
প্ৰভাসৰ কাৰিজমাটিক উপস্থিতি আৰু বোমন ইৰাণীৰ গভীৰ, বৌদ্ধিক গ্ৰেভিটাছৰ সৈতে ‘দ্য ৰাজা চাব’ এতিয়া ২০২৬ চনৰ আটাইতকৈ চৰ্চিত আৰু বহু প্ৰত্যাশিত ছবিৰ ভিতৰত অন্যতম।বোমানৰ এই জন্মদিনৰ পোষ্টাৰখন ছবিখনৰ ৰহস্যৰ প্ৰথম আনুষ্ঠানিক আভাস হিচাপে বিবেচিত হৈছে।
हिन्दुस्थान समाचार / অৰৱিন্দ
