দক্ষিণৰ ছুপাৰষ্টাৰ ধনুষৰ বহু প্ৰত্যাশিত ছবি কেপ্তেইন মিলাৰ। ঘোষণাৰ পিছৰে পৰা দৰ্শকে এই ছবিখনৰ আপডেট জানিবলৈ আগ্ৰহেৰে অপেক্ষা কৰি আছিল। শেহতীয়াকৈ মুক্তি পাইছে এই ছবিখনৰ শক্তিশালী ট্ৰেইলাৰ। এই ছবিখনত প্ৰথমবাৰৰ বাবে ধনুষে দৰ্শকৰ সন্মুখত এক বেলেগ ৰূপত দেখা দিছে। ধনুষৰ আগন্তুক ছবি কেপ্তেইন মিলাৰৰ ট্ৰেইলাৰ ওলোৱাৰ লগে লগে আলোড়নৰ সৃষ্টি কৰিছে।
মুক্তি পোৱা ট্ৰেইলাৰটো ৫৪ মিনিটৰ আৰু এই ট্ৰেইলাৰত দেখা গৈছে ধনুষৰ বহু একচন দৃশ্য। শত্ৰুৰ পৰা গাঁও আৰু গাঁওবাসীক বচাবলৈ তেওঁ অহৰহ যুঁজ দি আছে। ইয়াৰ বাবে তেওঁ কেতিয়াবা শত্ৰুৰ ওপৰত গুলী চলায় আৰু কেতিয়াবা তৰোৱালৰে যুঁজ দিয়ে। এই সকলোবোৰৰ মাজত আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ধনুষৰ ৰূপ। ইয়াৰ পিছত এটা টুইষ্ট আহে, য’ত প্ৰকাশ পায় যে ধনুষে এসময়ত ব্ৰিটিছৰ সৈতে সৈনিক হিচাপে কাম কৰিছিল আৰু কেপ্তেইন মিলাৰ নামেৰে পৰিচিত আছিল।
এই ছবিখনত ধনুষ সম্পূৰ্ণ বেলেগ ৰূপত দৰ্শকৰ সন্মুখত উপস্থিত হৈছে। তেওঁৰ সামগ্ৰিক ৰূপত দীঘল চুলি, দাড়ি আৰু মুখত খঙাল ভাব। এই ট্ৰেইলাৰটোৱে দেখুৱাইছে যে এই ছবিখনত ধনুষৰ সৰ্বাধিক একচন দৃশ্য থাকিব। এই ট্ৰেইলাৰত ধনুষৰ সংলাপবোৰো অতি জনপ্ৰিয় হৈ পৰিছে। অহা ১২ জানুৱাৰীত মুক্তি পাব এই ছবিখন। ধনুষৰ উপৰিও এই ছবিখনত পৰ্দা শ্বেয়াৰ কৰিব প্ৰিয়ংকা অৰুল মোহন, শিৱৰাজ কুমাৰ, নিবেদিতা সতীশ, বিনায়কন আৰু সন্দীপ কিষানে। এই ছবিখন হিন্দী ভাষাৰ লগতে কিছুমান দক্ষিণ ভাষাতো মুক্তি পাব।
হিন্দুস্থান সমাচাৰ/লোকেশ/মনোজ
