অযোধ্যাত ৰাম মন্দিৰ উদ্বোধনৰ পূৰ্বেও সকলোৰে মুখত ‘ৰাম আয়েংগে’ গীতটো গুণগুণাই আছিল। মাত্ৰ এদিনতে ১০ লাখতকৈ অধিক ৰিল সৃষ্টি কৰা হৈছে আৰু গীতটোৰ ওপৰত মুঠ ৩৬ লাখ ৰিল সৃষ্টি কৰা হৈছে। এই গীতটোৱে মানুহৰ আৱেগৰ সৈতে ভালদৰে সংযোগ স্থাপন কৰিছে।
বিশাল মিশ্ৰৰ কণ্ঠ আৰু পায়ল দেৱৰ ৰচনা কৰা এই গীতটি এৰাতিৰ ভিতৰতে আলোচনাৰ বিষয় হৈ পৰিল আৰু লাখ লাখ লোকৰ হৃদয়ত ৰাজ কৰি আছে। সমগ্ৰ দেশৰ ভক্তসকলে এই গীতটিৰ জৰিয়তে নিজৰ ভক্তি প্ৰকাশ কৰিছে। ইউটিউবত ৰাম আয়েংগে লাভ কৰিছে ২৪ মিলিয়নতকৈ অধিক ভিউ।
হিন্দুস্থান সমাচাৰ/লোকেশ/মনোজ
