নাগপুৰ,। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ বাৰ্ষিক অখিল ভাৰতীয় প্ৰতিনিধি সভা ১৫ মাৰ্চৰ পৰা ১৭ মাৰ্চলৈ তিনিদিনীয়াকৈ মহাৰাষ্ট্ৰৰ নাগপুৰৰ ৰেশমঘৰ ‘স্মৃতি ভৱন’ কমপ্লেক্সত অনুষ্ঠিত অধিবেশনৰ কালি নিশা সামৰণি পৰে। উল্লেখ্য যে এই বৈঠকত ২০২৩-২৪ বৰ্ষৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ কাম-কাজৰ পৰ্যালোচনা কৰাৰ লগতে আগন্তুক বৰ্ষৰ (২০২৪-২৫) সংঘৰ কৰ্ম পৰিকল্পনা সন্দৰ্ভত আলোচনা আৰু নীতি নিৰ্ধাৰণ কৰা হয়।
সৰ্বভাৰতীয় প্ৰতিনিধি পৰিষদৰ অধিবেশনত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৰসংঘচালক , সৰকাৰ্যবাহকে ধৰি অখিল ভাৰতীয়, ক্ষেত্ৰ, প্ৰান্ত স্তৰৰ কাৰ্যকৰ্তাৰ লগতে প্ৰতিনিধি উপস্হিত থকা অধিবেশনত সংঘৰ আহি থকা প্ৰতিষ্ঠা শতবাৰ্ষিকীৰ কাম সম্প্ৰসাৰণ পৰিকল্পনা একত্ৰিত কৰাৰ সমান্তৰালকৈ শতবাৰ্ষিকীৰ প্ৰস্তাৱিত পদক্ষেপসমূহৰ ওপৰত বিশেষভাৱে আলোচনা হয়৷ সৰ্বভাৰতীয় প্ৰতিনিধি সভাই এক প্ৰস্তাৱ গ্ৰহণ কৰি কয় যে, শ্ৰীৰামজন্মভূমিত শ্ৰীৰামলালাৰ বিগ্ৰহৰ ভব্য-দিব্য প্ৰাণ প্রতিষ্ঠাৰ দিন ২২ জানুৱাৰীৰ দিনটো বিশ্ব ইতিহাসৰ এক অলৌকিক আৰু সোণোৱালী পৃষ্ঠা। হিন্দু সমাজৰ শ শ বছৰৰ অবিৰত সংঘৰ্ষ আৰু বলিদান, পূজনীয় সন্ত আৰু মহাপুৰুষ সকলৰ মাৰ্গদৰ্শনত চলা ৰাষ্ট্ৰব্যাপী আন্দোলন তথা সমাজৰ বিভিন্ন সংঘটকৰ সামুহিক সংকল্পৰ পৰিণাম স্বৰূপে সংঘৰ্ষকালৰ এক সুদীর্ঘ অধ্যয়ৰ সুখপ্রদ সামাধন হ’ল। এইপবিত্র দিনটোক জীৱনত সাক্ষ্যাৎ দৰ্শন লাভৰ শুভ সুযোগৰ অন্তৰায় গবেষক, পুৰাতত্বাবিদ, চিন্তাশীল, আইনজ্ঞ, প্ৰচাৰ মাধ্যম, আত্ম বলিদান দিয়া কৰসেৱক সহিতে আন্দোলনত জৰিত সমগ্ৰ হিন্দু সমাজ তথা শাসন- প্রশাসনৰ মহত্বপূৰ্ণ সহায় বিশেষ উল্লেখনীয়।
অখিল ভাৰতীয় প্রতিনিধি সভাই সংঘৰ্ষত জীৱন অর্পন কৰোতা সকলো পূৰ্ণাত্মাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অর্পণ কৰি উপৰত উল্লেখিত সকলোৰে প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে৷ শ্ৰীৰামমন্দিৰৰ মন্ত্ৰপুত অক্ষত বিতৰণ অভিযানত সমাজৰ সমস্ত সক্রিয় সহযোগ আছিল। লাখ লাখ ৰামভক্তই সকলো নগৰ আৰু অধিকাংশ গাৱঁত কৌটি কৌটি পৰিয়ালৰ সৈতে সম্পৰ্ক স্হাপন কৰিলে। ২২ জানুৱাৰীৰ দিনা কেৱল ভাৰততেই নহয়, বৰং সম্পূর্ণ বিশ্বতে অদ্ভুত আয়োজন কৰা হ’ল। চুবুৰীয়ে চুবুৰীয়ে আৰু গাঁৱে গাঁৱে স্বতস্ফূত্তভাবে ওলোৱা শোভাযাত্রা, পতাকা আৰু মন্দিৰ-নামঘৰত হোৱা নাম-কীৰ্তন আদিৰ আয়োজন সমূহে সমাজত এক নতুন শক্তিৰ সঞ্চাৰ কৰিলে।
শ্রী অয়োধ্যাধামত প্রাণ প্রতিষ্ঠাৰ দিনা দেশৰ ধাৰ্মিক ৰাজনৈতিক আৰু সমাজ জীৱনৰ প্ৰত্যেক ক্ষেত্ৰৰ শীর্ষ নেতৃত্ব তথা সকলো সন্ত-পন্থ-সম্প্ৰদায়ৰ পূজনীয় সন্ত-মহন্তবৃন্দৰ গৰিমাময়ী উপস্থিতি আছিল বিশেষ উৎসাবৰ্ধক। এই কথাই ইয়াকে দর্শায় যে শ্ৰীৰামৰ আদৰ্শ অনুৰূপে সমৰসতা, সুসংগঠিত ৰাষ্ট্ৰজীৱন থিয় কৰাৰ বাতাবৰণ গঢ় লৈছে। এয়া ভাৰতবৰ্ষৰ পুণৰত্থানৰ গৌৰবশালী অধ্যায় আৰম্ভনিৰ সংকেটধ্বনীও। শ্ৰীৰাম জন্মভূমিত ৰামলালৰ প্ৰাণ প্রতিষ্ঠাৰ দ্বাৰা বিদেশী শাসন আৰু সংঘৰ্ষৰ কালছোৱাত অহা আত্মবিশ্বাসহীনতা আৰু আত্মবিস্মৃতিৰ পৰা সমাজ মুকলি হ’ব পৰিছে। সম্পূৰ্ণ সমাজ হিন্দুত্বৰ ভাবনাৰে ওত:প্রোতহৈ নিজৰ ‘স্ব ‘ক জনাৰ আৰু তাৰ আধাৰত জীবন যাপন কৰাৰ বাবে তৎপৰ হৈ পৰিছে। মর্যাদা পুৰুষোত্তম শ্ৰীৰামৰ জীৱনে আমাক সামাজিক দায়িত্বৰ প্রতি দায়বদ্ধ হৈ সমাজ আৰু ৰাষ্ট্ৰৰ বাবে ত্যাগ স্বীকাৰ কৰাৰ প্ৰেৰণা প্ৰদান কৰে। তেওঁৰ শাসন পদ্ধতি ৰামৰাজ্য” নামেৰে বিশ্ব ইতিহাসত প্রতিষ্ঠিত হৈছে, যাৰ আদৰ্শ সাৰ্ববভৌমিক আৰু সৰ্বকালীন বুলি বিবেচিত হৈছে।
জীৱনমূল্যৰ স্মৰণ, সংবেদনশীলতাৰ প্ৰতি অহা মান্যতা, বিস্তাৰবাদৰ কাৰণে বৃদ্ধি পোৱা হিংসা আৰু ক্ৰৰতা আদি প্রত্যহ্বানৰ মুখামুখী হোৱাৰ বাবে ৰামৰাজ্য’ৰ সংকল্প সম্পূর্ণ বিশ্বৰ বাবে আজিও অনুকৰণীয়।প্রতিনিধি সভাই মন্তব্য কৰে যে সম্পূর্ণ সমাজে নিজ নিজ জীৱনত মৰ্যদা পুৰুষোত্তম শ্ৰীৰামৰ আদৰ্শ সমূহ প্রতিষ্ঠিত কৰাৰ সংকল্প লওক, তেতিয়াহে ৰামমন্দিৰ পুননিৰ্মানৰ উদ্দেশ্য সার্থক হ’ব। শ্ৰীৰামৰ জীৱনত পৰিলক্ষিত হোৱা ত্যাগ, প্রেম, ন্যায়, শৌর্য্য, সদ্ভাব আৰু নিৰপেক্ষতা আদি ধৰ্মৰ শাশ্বত মূল্য সমূহৰ আজি সমাজত পুণৰ প্ৰতিষ্ঠা কৰাৰ আৱশ্যক। সকলো প্ৰকাৰৰ শত্রুতা অসহনশীলতা আৰু ভেদাভেদ সমূহ সমাপ্ত কৰি সমৰসতা যুক্ত পুৰুষাৰ্থী সমাজ নিৰ্মান কৰাটোৱে শ্ৰীৰামৰ বাস্তবিক আৰাধনা হ’ব।
অখিল ভাৰতীয় প্রতিনিধি সভাই সমস্ত ভাৰতীয়ক আহ্বান জনায় যে বন্ধুত্বভাৱযুক্ত, কর্ত্তব্যনিষ্ঠ, মূল্য আধাৰিত আৰু সামাজিক ন্যায় সুনিশ্চিত কৰিব পৰা সমৰ্থ ভাৰত নিৰ্মান কৰা হওক, যাৰ আধাৰত ই এক সৰ্বকল্যানকাৰী গোলকীয় ব্যৱস্থা নিৰ্মান কৰাত মহত্বপূর্ণ ভূমিকা নির্বাহন কৰিব পাৰে। উক্ত প্ৰতিনিধি সভাত সমগ্ৰ ভাৰতবৰ্ষৰ মুঠ ১৪৬৫ গৰাকী প্ৰতিনিধি উপস্হিত থাকে৷ ইয়াৰ ভিতৰত নেপালৰ ৭ গৰাকী প্ৰতিনিধিয়েও উপস্হিত থাকে৷ আনহাতে, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ আগন্তুক তিনিবছৰীয়া কাৰ্যকালৰ বাবে দত্তাত্ৰেয় হোছবালে পুনৰবাৰ সৰকাৰ্যবাহ হিচাপে নিৰ্বাচিত কৰে৷ তদুপৰি, প্ৰতিনিধি সভাত অখিল ভাৰতীয় স্তৰত কেবাগৰাকীলোকক গুৰুত্বপূৰ্ণ দায়িত্ব প্ৰদান কৰাৰ উপৰি অসম ক্ষেত্ৰৰ ক্ষেত্ৰ প্ৰচাৰক হিচাপে বশিষ্ঠ বুজৰবৰুৱাক দায়িত্ব প্ৰদান কৰে৷ লগতে ধুবুৰী বিভাগৰ বিভাগ প্ৰচাৰক দিলীপ আৰ্জেলক উত্তৰ অসম প্ৰান্তৰ সহ প্ৰান্ত প্ৰচাৰক হিচাপে দায়িত্ব প্ৰদান কৰে৷
