গোলাঘাট, ১৯ জানুৱাৰী (হি.স.): মহাপুৰুষ শ্ৰীমন্ত শংকৰ দেৱৰ অনুপম সৃষ্টি ভাওনা। ভাওনাক পূৰ্বৰ তুলনাতে অধিক ত্বৰান্বিত আৰু দৰ্শকৰ উপভোগ্য কৰি তোলাৰ যি প্ৰচেষ্টা চলিছে তাৰ যোগেদি নতুন প্ৰজন্মক আধ্যাত্মিক দিশত উদ্বুদ্ধ কৰিবলৈ সক্ষম হৈছে। এনে এক মহৎ প্ৰচেষ্টা অংশ হিচাপে গোলাঘাটৰ অসমী পুথিভঁৰাল আৰু ক্লাব, সাৰঙ্গপাণি শিল্পী সমাজ, বৃহত্তৰ শালিকীহাট বাসী ৰাইজৰ সহযোগত শংকৰ-মাধৱ ক্ষেত্ৰ প্ৰাংগণত ১৮ জানুৱাৰী বিয়লি পৰা ২১ জানুৱাৰীলৈকে চাৰি দিনিয়াকৈ সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা আয়োজন কৰিছে।
উদ্যাপন সমিতিৰ সভাপতি বাবুল শৰ্মাই পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰি অনুস্থান মুকলি কৰাৰ পাছতেই বাৰেৰহনীয়া সাংস্কৃতিক শুভাযাত্ৰা উলিওৱা হয়। মুখ্য সম্পাদক মনচুম বৰাই জনোৱা মতে অহা চাৰি দিনত দুখনকৈ ভাওনা অনুস্থিত হ’ব। এই ভাওনা সমাৰোহত প্ৰথম হোৱা দলটোৱে ৬৫ হাজাৰ, দ্বিতীয়স্থানৰপ্ৰাপ্তই ৫৫ হাজাৰ আৰু তৃতীয় স্থান লাভ কৰা দলটোৱে ৩৫ হাজাৰ পুৰস্কাৰ পোৱাৰ লগতে বিভিন্ন চৰিত্ৰটো পুৰস্কাৰ প্ৰদান কৰা হ’ব।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
