-অতি সোনকালে ৩০০ কোটি টকাৰ উপাৰ্জন হোৱাৰ সম্ভাৱনা
ছলমান খান আৰু কেটৰিনা কাইফ অভিনীত ‘টাইগাৰ ৩’ ছবিখনে ৫ দিনত ১৯০ কোটি টকা উপাৰ্জন কৰিছে। আশা কৰা হৈছে যে ছবিখনে অতি সোনকালে ৩০০ কোটি টকাৰ সীমা অতিক্ৰম কৰিব। ১২ নৱেম্বৰত মুক্তি পোৱা ‘টাইগাৰ-৩’ ছবিখনে প্ৰথম দিনাই ব্যাপক সংগ্ৰহ লাভ কৰিছিল। ইয়াৰ পিছতো ছবিখনে দুদিন বক্স অফিচত ভাল প্ৰদৰ্শন কৰিছিল যদিও চতুৰ্থ দিনৰ পৰাই ইয়াৰ উপাৰ্জন হ্ৰাস পাবলৈ ধৰিলে।
চাকনিল্কৰ ট্ৰেণ্ড ৰিপৰ্ট অনুসৰি ‘টাইগাৰ-৩’ মুক্তিৰ প্ৰথম দিনাই ৪৪.৫০ কোটি টকা সংগ্ৰহ কৰাৰ বিপৰীতে দ্বিতীয় দিনা ছবিখনে ৫৭.৫০ কোটি টকা সংগ্ৰহ কৰে। মাত্ৰ দুদিনতে ছবিখনে ১০২ কোটি টকাৰ পৰিসংখ্যা লাভ কৰে। তৃতীয় দিনা ‘টাইগাৰ-৩’য়ে ৪২.৫০ কোটি টকা সংগ্ৰহ কৰে যদিও চতুৰ্থ দিনত ইয়াৰ সংগ্ৰহ হ্ৰাস পায়। চতুৰ্থ দিনা ‘টাইগাৰ-৩’ই মাত্ৰ ২২ কোটি টকাৰ ব্যৱসায় কৰিছিল। এতিয়া ছবিখনে পঞ্চম দিনটোত মাত্ৰ ১৮.৫ কোটি টকা সংগ্ৰহ কৰিছে।
প্ৰতিবেদন অনুসৰি ভাৰতত ‘টাইগাৰ-৩’ই ৫ দিনত ১৯০ কোটি টকা উপাৰ্জন কৰাৰ বিপৰীতে ভাৰতত এই ছবিখনৰ মুঠ সংগ্ৰহই ২০০ কোটি টকা অতিক্ৰম কৰিছে। এই ছবিখনে ৪ দিনত বিশ্বজুৰি ২৭১.৫০ কোটি টকা উপাৰ্জন কৰিছে। সংবাদ মাধ্যমৰ খবৰ অনুসৰি এই কথা স্পষ্ট যে সৰ্বাধিক উপাৰ্জন হৈছে ‘টাইগাৰ-৩’ৰ হিন্দী সংস্কৰণৰ পৰা। এইটো স্পষ্ট যে ছবিখনে তামিল আৰু তেলেগু ভাষাত বিশেষ সঁহাৰি নাপালে।
‘টাইগাৰ-৩’ ছবিখনে প্ৰথম তিনিদিনত চলিত বৰ্ষৰ সৰ্বাধিক উপাৰ্জনকাৰী ছবি হিচাপে জোৱান, পাঠান আৰু গদৰ-২ৰ অভিলেখ ভংগ কৰিছে। তিনিদিনত ভাল উপাৰ্জন কৰিছে ছবিখনে। যদিও চতুৰ্থ আৰু পঞ্চম দিনত ছবিখনৰ উপাৰ্জন হ্ৰাস পাইছে, তথাপিও সপ্তাহৰ শেষৰ ফালে এই সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। এই সপ্তাহত ছবিখনে ৩০০ কোটি টকাৰ সীমা অতিক্ৰম কৰিব পাৰে বুলি আশা কৰা হৈছে। ‘টাইগাৰ-৩’ ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে ছলমান খান, কেটৰিনা কাইফ, ইমৰাণ হাছমী, ৰেৱতী, কুমুদ মিশ্ৰই।
হিন্দুস্থান সমাচাৰ/লোকেশ/মনোজ/অৰৱিন্দ
