কিছুদিনৰ পৰা অভিনেতা গোবিন্দ আৰু তেওঁৰ পত্নী সুনীতা আহুজাৰ মাজত বিবাহ বিচ্ছেদৰ বাতৰিয়ে শিৰোনাম দখল কৰি আহিছে। এটা সংবাদ মাধ্যমৰ প্ৰতিবেদনত দাবী কৰা হৈছে যে সুনীতাই গোবিন্দক প্ৰৱঞ্চনাৰ অভিযোগ উত্থাপন কৰি বিবাহ বিচ্ছেদৰ বাবে আৱেদন দাখিল কৰিছে। কিন্তু অভিনেতাগৰাকীৰ অধিবক্তা আৰু মেনেজাৰে এই বাতৰিসমূহ সম্পূৰ্ণৰূপে নাকচ কৰে। ইফালে গণেশ চতুৰ্থী উপলক্ষে গোবিন্দ আৰু সুনীতাই একেলগে সংবাদ মাধ্যমৰ সন্মুখত উপস্থিত হয়। দুয়োজনে সকলোকে উৎসৱৰ শুভেচ্ছা জনায়।
গোবিন্দই কয়, ভগৱান গণেশৰ আশীৰ্বাদ পোৱাটো আটাইতকৈ ডাঙৰ সৌভাগ্য। তেওঁ যেতিয়া আপোনাৰ লগত থাকে তেতিয়া পৰিয়ালৰ সকলো সমস্যা আঁতৰি যায়। আমি কামনা কৰোঁ যে সকলোৱে একেলগে শান্তিৰে জীয়াই থাকে আৰু একেলগে থাকে।
এই সময়ছোৱাত অভিনেতাগৰাকীয়ে নিজৰ সন্তান টিনা আৰু যশৰ কথাও উল্লেখ কৰে। তেওঁ কয়, মই বিশেষকৈ মোৰ সন্তান যশ আৰু টিনা দুয়োৰে বাবে আশীৰ্বাদ বিচাৰো। তেওঁলোকে নিজৰ কঠোৰ পৰিশ্ৰমেৰে নাম অৰ্জন কৰক আৰু মানুহে গৌৰৱেৰে কয় যে গোবিন্দৰ সন্তানে কোনো সমৰ্থন নোহোৱাকৈ ইমান ডাঙৰ কৃতিত্ব অৰ্জন কৰিছে।
অৱশ্যে বিবাহ বিচ্ছেদৰ উৰাবাতৰি সন্দৰ্ভত প্ৰশ্ন কৰাত গোবিন্দ আৰু সুনীতাই মৌন হৈ থাকে। সুনীতাই মাথোঁ ক’লে, বিতৰ্ক শুনিবলৈ নে গণপতি বাপ্পা মৰয়া উচ্ছাৰণ কৰিবলৈ আপোনালোকে ইয়ালৈ আহিছে ? গোবিন্দ আৰু সুনীতাৰ এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ আছে আৰু অনুৰাগীয়ে অহৰহ নিজৰ প্ৰতিক্ৰিয়া দি আছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
