
গোলাঘাট, ১৬ জানুৱাৰী (হি স)। দিনক দিনে বাঢ়ি অহা পথ দুৰ্ঘটনাক লৈ শংকিত হৈছে সকলো লোক । কেন্দ্ৰীয় চৰকাৰ তথা ৰাজ্য চৰকাৰৰ উদ্যোগত পথ সুৰক্ষাক লৈ কৰি অহা হৈছে বিভিন্ন কাৰ্যসূচী । চৰকাৰৰ নিৰ্দেশমৰ্মে দেশত এইবাৰ ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ উদযাপন কৰা হৈছে । গোলাঘাট জিলাৰ পৰিবহণ বিভাগে খুমটাইত ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহৰ আৰম্ভনি কৰিছে ।
যোগীবাৰী গ্ৰাম্য পৰ্যটন ক্ষেত্ৰত বিধায়ক মৃণাল শইকীয়াই শুভাৰম্ভণি কৰে পথ সুৰক্ষা মাহৰ । পথত যাতায়ত কৰা প্ৰতিজন লোককে সজাগতাৰ বাবে দিয়া হৈছে গোহাৰি পত্ৰ ৷ “পথ সুৰক্ষা জীৱন ৰক্ষা” শ্ল’গানেৰে সকলোকে সজাগ হৈ যাতায়ত কৰাৰ আহ্বান বিধায়ক মৃণাল শইকীয়াই ৷ কেনেধৰণে সুৰক্ষিতভাৱে যাতায়ত কৰিব লাগে সেই বিষয়ে সকলোকে অৱগত কৰিছে জিলা পৰিবহণ বিষয়াই ।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
