শেহতীয়াকৈ অভিনেতা সিদ্ধাৰ্থ মালহোত্ৰাই পিতৃ হোৱাৰ আনন্দ অনুভৱ কৰিছে। কিছুদিন পূৰ্বে তেওঁৰ পত্নী কিয়াৰা আদৱানীয়ে এটি মৰমলগা কন্যা সন্তান জন্ম দিছিল, যাৰ ফলত দুয়োটা পৰিয়ালতে উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। কোৱা হৈছে যে সিদ্ধাৰ্থৰ মাকে বছৰ বছৰ ধৰি নাতিনীয়েক বিচাৰিছিল, যিটো এতিয়া পূৰণ হৈছে। মালহোত্ৰা পৰিয়ালে ঘৰতে মাতৃ আৰু নৱজাতকক ভৱিষ্যৎ আদৰণি জনায়। কন্যা জন্মৰ পিছত সিদ্ধাৰ্থই প্ৰথমবাৰৰ বাবে মাতৃৰ সৈতে সিদ্ধিবিনায়ক মন্দিৰত উপস্থিত হয়, য’ত তেওঁ ভগৱানক ধন্যবাদ জনাই কন্যাৰ সুস্বাস্থ্যৰ বাবে প্ৰাৰ্থনা কৰে।
পিতৃ হোৱাৰ পিছত আজি বাপ্পাৰ আশীৰ্বাদ বিচাৰি সিদ্ধিবিনায়ক মন্দিৰত উপস্থিত হয় অভিনেতা সিদ্ধাৰ্থ মালহোত্ৰা। নীলা কুৰ্তা আৰু ক’লা ডেনিমত তেওঁক অতি সহজ আৰু শান্ত ৰূপত দেখা গৈছিল। মন্দিৰত সিদ্ধাৰ্থই বাপ্পাৰ চৰণত মূৰ দোৱাই নৱজাত কন্যাৰ সুস্বাস্থ্য আৰু সুখী ভৱিষ্যতৰ বাবে প্ৰাৰ্থনা কৰে। এই বিশেষ অনুষ্ঠানত তেওঁৰ লগত তেওঁৰ মাতৃও উপস্থিত আছিল। সিদ্ধিবিনায়ক মন্দিৰৰ পৰা ওলাই অহা তেওঁৰ এটা ভিডিঅ’ এতিয়া ছ’চিয়েল মিডিয়াত ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে, যাৰ ওপৰত অনুৰাগীয়ে তেওঁক বহুত শুভেচ্ছা জনাইছে।
সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানীয়ে প্ৰথম লগ পাইছিল ‘শ্বেৰশ্বাহ’ ছবিৰ চেটত। এই সময়ছোৱাত দুয়োৰে মাজত অফ স্ক্ৰীণ প্ৰেম ফুলিবলৈ ধৰিলে। কেইবছৰমান সম্পৰ্কত থকাৰ পিছত ২০২৩ চনত এই দম্পতীহালে বিবাহপাশত আবদ্ধ হয়।এতিয়া দুবছৰৰ বিবাহৰ অন্তত এই তাৰকা দম্পতী পিতৃ-মাতৃ হৈ পৰিছে। ১৬ জুলাইত কিয়াৰাই জন্ম দিলে এটি মৰমলগা কন্যা। এতিয়া অনুৰাগীৰ মাজত আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ’ল এই কণমানি দেৱদূতজনৰ নাম কি হ’ব। কামৰ কথা ক’বলৈ গ’লে কিয়াৰাৰ ছবি ‘ৱাৰ ২’ শীঘ্ৰে মুক্তি পাবলৈ গৈ আছে, আনহাতে চিদ্ধাৰ্থক জানহৱী কাপুৰৰ সৈতে ‘পৰম সুন্দৰী’ত দেখা যাব। কন্যা সন্তানৰ জন্মৰ পিছত এতিয়া সকলোৰে দৃষ্টি আছে কিয়াৰাই কেতিয়া কামলৈ ঘূৰি অহাৰ কথা ঘোষণা কৰিব।
हिन्दुस्थान समाचार / আলোক চক্ৰৱৰ্তী
