হাইলাকান্দি, হাইলাকান্দিত জব্দ কৰা হৈছে বৃহৎ পৰিমানৰ গাঞ্জা। লগতে আটক হৈছে এজন লোক। হাইলাকান্দি জিলাৰ লালা আৰক্ষী চকীৰ অন্তৰ্গত গাগলাচৰাৰ পৰা জব্দ ৫ কেজি গাঞ্জাসহ আটক হয় সুভাষ শুক্লবৈদ্য নামৰ এজন লোক।
শিলচৰৰ পৰা লালালৈ আহি থকাৰ সময়ত লালা আৰক্ষীয়ে গোপন সূত্ৰৰ খবৰ পাই এএছ ২৪ চি ৫৬২৩ নম্বৰৰ এখন অটোত চেকিং কৰিছিল আৰু চেকিঙৰ সময়ত আৰক্ষীয়ে অটোখনৰ পৰা প্ৰায় ৫ কেজি গাঞ্জা জব্দ কৰে।অটোখনৰ পৰা পোৱা গাঞ্জা খিনিৰ লগতে অটোখন ও জব্দ কৰে আৰক্ষীয়ে। বৰ্তমানে অটোচালকক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।
