কোকৰাঝাৰ, ২৫ জানুৱাৰী (হি স)। পোনপ্ৰথম বাৰৰ বাবে কোকৰাঝাৰ বডোফা কাল্চাৰেল কম্প্লেক্সত অনুষ্ঠিত হোৱা উত্তৰ – পূৰ্বাঞ্চল মহোৎসৱ বুধবাৰে নিশা সামৰণি পৰে। মহোৎসৱৰ খেক অনুষ্ঠান COLOURS OF INDIA শীৰ্ষক নৃত্যানুষ্ঠানক বন্তি প্ৰজ্বলনৰে উদ্দিধন কৰে বিটিআৰ প্ৰধান প্ৰমোদ বড়োই।
উল্লেখ্য যে ভাৰতৰ ১৩ খন ৰাজ্যৰ পৰা অহা ১৩টা ভিন্ন জনগোষ্ঠী/সম্প্ৰদায়ক লৈ “ COLOURS OF INDIA ” শীৰ্ষক লাইভ সংগীতৰ সৈতে অতি দৃষ্টি নন্দন ৰঙীন কোৰিঅ”গ্ৰাফিক লোক নৃত্য উপস্থাপন প্ৰদৰ্শন কৰা হয়।
জম্মু আৰু কাশ্মীৰৰ ৰৌফ, হাৰিয়ানাৰ ফাগ,মধ্যপ্ৰদেশৰ বাধাই, গুজৰাটৰ পৰা সিদ্ধি ধমাল, ওড়িশাৰ সম্বলপুৰী, অৰুণাচল প্ৰদেশৰ পাখিদৌ, অসমৰ দাউশ্ৰী দেলাই, মণিপুৰৰ লাই হাৰাওবা, মেঘালয়ৰ ৱাঙালা, মিজুৰামৰ ছেৰ” , নাগালেণ্ডৰ তেনেম য়াৰ , ছিকিমৰ ছিংগি ছাম আৰু য়াক ছাম, ত্ৰিপুৰাৰ মমিতা নৃত্য একেলগে প্ৰদৰ্শন কৰা হয় ।
উক্ত অনুষ্ঠানত অসমৰ কেবিনেট মন্ত্ৰী ইউ জি ব্রহ্ম, বিটিআৰ কাৰ্যবাহী সদস্য দাওবাইছা বড়ো, ৰেওৰেওৱা নাৰ্জীহাৰী আৰু বিটিআৰ উচপদস্ত বিষয়াসকল উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
