কামৰূপ, ২৫ জানুৱাৰী (হি স)। বিগত বৰ্ষৰ দৰে এই বেলিও ৰঙিয়াৰ তুলসীবাৰীৰ যুৱক সংঘৰ উদ্যোগত প্ৰাইজমানী বেডমিণ্টন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় । তুলসীবাৰীস্থিত আহমদপুৰ চুবুৰীত তিনি দিনীয়াকৈ আয়োজন কৰা হৈছে প্ৰাইজমানী বেডমিণ্টন প্ৰতিযোগিতা ।
এই বেডমিণ্টন প্ৰতিযোগিতা খনত প্ৰায় ৩০ টাকৈ অধিক দলে অংশগ্ৰহণ কৰে। খেলখন আৰম্ভ হোৱাৰ পূৰ্বে এখন শুভেচ্ছা মূলক সভাৰ আয়োজন কৰা হয়। সভাখনত সভাপতিত্ব কৰে চুবাহান আলীয়ে আৰু খেল পৰিচালনা কৰে আব্বাছাউদ্দিন আহমেদে। অনুষ্ঠানত উপস্থিত থাকি খেল উদ্বোধন কৰে বিশিষ্ট শিক্ষাবিদ জামছেদ আলীয়ে । উদ্বোধনী সভাখনত অতিথি হিচাপে সমাজ কৰ্মী আব্দুল কালাম আজাদ, বিশিষ্ট ব্যৱসায়ী ৰিতুল আলীকে আদি কৰি বহু কেইজন বিশিষ্ট লোক উপস্থিত থাকে ।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
