অভিনেতা ঋষব শ্বেট্টীৰ ছবি কান্তৰা চেপ্টাৰ ১ বক্স অফিচত ব্যতিক্ৰমীভাৱে সুন্দৰ প্ৰদৰ্শন কৰিছে। দৰ্শকৰ অপৰিসীম মৰম আৰু ইতিবাচক মুখৰ পৰা মুখলৈ কোৱা কথাৰ বাবেই ছবিখনে প্ৰতিদিনে নতুন অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। ব্যৱসায়িক দিনতো ছবিখনৰ উপাৰ্জন ধাৰাবাহিকভাৱে অধিক হৈয়েই আছে। ২ অক্টোবৰত মুক্তি পোৱা ছবিখনে মাত্ৰ এসপ্তাহতে ₹৩০০ কোটি টকাৰ সীমা অতিক্ৰম কৰি প্ৰযোজক আৰু পৰিচালক অত্যন্ত সুখী হৈ পৰিছে।
চাকনিল্কৰ এক প্ৰতিবেদন অনুসৰি, কান্তৰা চেপ্টাৰ ১ মুক্তিৰ সপ্তম দিনটোত ২৫ কোটি টকা উপাৰ্জন কৰে। এই সংখ্যা পূৰ্বৰ দিনতকৈ কিছু কম হ’লেও ছবিখনৰ সামগ্ৰিক অভিনয় আকৰ্ষণীয় হৈয়েই আছে। ইয়াৰ পূৰ্বে ছবিখনে ষষ্ঠ দিনত ৩৪.২৫ কোটি, পঞ্চম দিনা ৩১.৫ কোটি, চতুৰ্থ দিনত ৬৩ কোটি, তৃতীয় দিনা ৫৫ কোটি, দ্বিতীয় দিনা ৪৫.৪ কোটি, আৰু প্ৰথম দিনা ৬১.৮৫ কোটি টকা উপাৰ্জন কৰিছিল। এই পৰিসংখ্যা যোগ কৰিলে ছবিখনৰ মুঠ ঘৰুৱা উপাৰ্জন ₹৩১৬ কোটি হৈছেগৈ।
কান্তৰা চেপ্টাৰ ১ ভাৰতীয় বক্স অফিচত ঢৌ উঠাই নহয় বিশ্বজুৰিও ব্যতিক্ৰমীভাৱে ভাল প্ৰদৰ্শন আগবঢ়াইছে। এতিয়ালৈকে ছবিখনে বিশ্বজুৰি ₹৪১০ কোটিৰো অধিক উপাৰ্জন কৰিছে। ঋষব শ্বেট্টীৰ পৰিচালনাত নিৰ্মিত এই প্ৰিক্যুৱেলে ফ্ৰেঞ্চাইজিৰ প্ৰথমখন ছবি কান্তৰা (২০২২)ৰ অভিলেখ অতিক্ৰম কৰিছে, যিয়ে বিশ্বজুৰি প্ৰায় ৪০৮ কোটি ₹ উপাৰ্জন কৰিছিল। ছবিখনত ঋষব শ্বেট্টীৰ সৈতে গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে ৰুক্মিণী বসন্ত, গুলচন দেৱৈয়া, আৰু জয়ৰাম। শক্তিশালী কাহিনী, আচৰিত ধৰণৰ দৃশ্য আৰু লোককথাৰ গভীৰ শিপাৰে কান্তৰা চেপ্টাৰ ১-এ দৰ্শকৰ পৰা অপৰিসীম প্ৰশংসা লাভ কৰিছে আৰু এতিয়া সকলোৰে দৃষ্টি ইয়াৰ ছিকুৱেল কান্তৰা চেপ্টাৰ ২ৰ ওপৰত।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
