
কাৰ্বি আংলং, ১১ ডিচেম্বৰ (হি.স.): অসম-নাগালেণ্ড সীমান্তৱৰ্তী পুৰণা লাহৰিজানত যোৱা কালি বুধবাৰে নিশা আৰক্ষীয়ে বৃহৎ সফলতা লাভ কৰে । ডিলাই আৰক্ষীৰ নিয়মীয়া তলাচিত ছয় মাইলত জব্দ কৰা হৈছে বৃহৎ পৰিমাণৰ কানি। মণিপুৰৰ পৰা পঞ্জাৱৰ অভিমুখী পিবি ০৪ এ ই ৭৬২৭ আৰু পিবি ০৩ বিএল ২৯৭৫ নম্বৰৰ দুখন ছয় চকীয়া ট্ৰাকৰ পৰা জব্দ কৰা হয় বৃহৎ পৰিমাণৰ কানি। ট্ৰাক দুখনৰ পৰা আৰক্ষীয়ে ৩১ টা পেকেটত মুঠ ২৫.৩১ কিঃগ্ৰাঃ কানি জব্দ কৰিবলৈ সক্ষম হয়।
জব্দকৃত কানিখিনি সৰবৰাহকাৰীয়ে ট্ৰাক দুখনৰ টুল বক্সত গোপন কক্ষ সাজি কৌশলেৰে লুকুৱাই সৰবৰাহৰ চেষ্টা কৰিছিল। তালাচীৰ সময়তে এখন গাড়ীৰ এটা হেণ্ডিমেন পলাই গৈছিল যদিও আৰক্ষীয়ে খেদি গৈ তাক কৰায়ক্ত কৰিবলৈ সক্ষম হয় । আনহাতে, গাড়ী দুখনৰ চালকে তালাচী সময়ত আৰক্ষীক ৫০ হাজাৰ টকাৰ প্ৰলোভন দিছিল যদিও কৰ্তব্যৰত আৰক্ষীয়ে নিজৰ দাযিত্ব সুচাৰুৰূপে পালন কৰে । ঘটনা সংক্ৰান্তত আৰক্ষীয়ে ট্ৰাকখনৰ চালক পঞ্জাৱৰ পাৰ্গত সিং, সন্দীপ সিং যগৰাজ সিং আৰু গুৰচৰণ সিঙক আটক কৰি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে। জব্দকৃত কানিখিনিৰ বজাৰমূল্য প্ৰায় ১ কোটি ৩০ লাখ টকা বুলি অনুমান কৰা হৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
