কোকৰাঝাৰ, ২৯ নৱেম্বৰ (হি.স.): কোকৰাঝাৰ চহৰৰ বিধানপল্লীত চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হৈছে ।অৱসৰপ্ৰাপ্ত অভিযন্তা তপন চক্ৰৱৰ্তী (৭২) আৰু তেওঁৰ পত্নী তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী মধুমিতা বেনাৰ্জী (৬৫) দুষ্কৃতিকাৰীৰ চোকা অস্ত্ৰৰে আক্ৰমণ কৰা হয় ৷ দুষ্কৃতিকাৰীৰ চোকা অস্ত্ৰৰ আক্ৰমণত মৃত্যু হয় তপন চক্ৰৱৰ্তীৰ ৷ আজি পুৱা সংঘটিত হৈছে এই চাঞ্চল্যকৰ হত্যাকাণ্ড ৷ এই ঘটনাই কোকৰাঝাৰত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ জানিব পৰা মতে চিকিৎসালয়লৈ নিয়াৰ পথতে তপন চক্ৰৱৰ্তীৰ মৃত্যু হৈছে ।
তপন চক্ৰৱৰ্তী আৰু মধুমিতা বেনাৰ্জী ঘৰটোত অকলশৰে আছিল ৷ মৃত তপন চক্ৰৱৰ্তীৰ জীয়ৰী থাকে আমেৰিকাত আৰু পুত্ৰ থাকে বেংগালুৰুত৷ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে হত্যাকাণ্ডত ব্যৱহাৰ কৰা এখন দা উদ্ধাৰ কৰে ৷ ইফালে মধুমিতা বেনাৰ্জীৰ অৱস্থাও অতি সংকটজনক বুলি জানিব পাৰা গৈছে ৷ ঘটনাস্থলীত উপস্থিত কোকৰাঝাৰ অপৰাধ অনুসন্ধান শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সহ আৰক্ষীৰ দল ৷ ডকাইতিৰ উদ্দেশ্যৰে নে আন কোনো কাৰণত এই ঘটনা সংঘটিত হৈছে সেয়া এই পৰ্যন্ত লৈ জানিব পৰা হোৱা নাই ৷ আৰক্ষীয়ে ঘটনাৰ অনুসন্ধান অব্যাহত ৰাখিছে৷
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
