ঢাকা, ১১ ডিচেম্বৰ (হি.স.)। বাংলাদেশৰ তথ্য আৰু সম্প্ৰচাৰ উপদেষ্টা মহম্মদ মাহফুজ আলম আৰু স্থানীয় চৰকাৰ, গ্ৰামোন্নয়ন আৰু সমবায় আৰু যুৱ আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ উপদেষ্টা আছিফ মাহমুদ চাজিব ভূঞাই বুধবাৰে সন্ধিয়া ৫ বজাত মুখ্য উপদেষ্টা অধ্যাপক মহম্মদ ইউনুছৰ ওচৰত নিজ নিজ পদত্যাগ পত্ৰ দাখিল কৰে।
উপদেষ্টাদ্বয়ে ৰাজ্যিক অতিথিশালা যমুনালৈ গৈ মুখ্য উপদেষ্টাক পদত্যাগ পত্ৰ দাখিল কৰে। তেওঁলোকৰ পদত্যাগৰ পত্ৰ তেওঁ গ্ৰহণ কৰিলে। নিৰ্বাচন আয়োগে সময়সূচী ঘোষণা কৰাৰ লগে লগে কাৰ্যকৰী হ’ব তেওঁলোকৰ পদত্যাগ।
জুলাই মাহৰ গণ বিদ্ৰোহত সন্মুখৰ লাইনৰ পৰা নেতৃত্ব দিয়া এই দুগৰাকী ছাত্ৰ নেতাৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰাৰ পিছত মুখ্য উপদেষ্টাগৰাকীয়ে তেওঁলোকৰ ভৱিষ্যত জীৱনৰ শুভেচ্ছা জনাই কয় যে, বিদ্ৰোহৰ নেতৃত্ব দি দেশক ফেচিবাদী শাসনৰ পৰা মুক্ত কৰাত আপোনালোকে যিদৰে অৰিহণা যোগাইছিল সেয়া দেশে সদায় মনত ৰাখিব। মই বিশ্বাস কৰোঁ যে ভৱিষ্যতেও গণতান্ত্ৰিক পৰিৱৰ্তন আৰু উন্নয়নত আপোনালোকে একেধৰণৰ সক্ৰিয় ভূমিকা পালন কৰিব।’
মুখ্য উপদেষ্টাগৰাকীয়ে আৰু কয়, ‘আজি এটা ঐতিহাসিক দিন। অন্তৱৰ্তীকালীন চৰকাৰে আপোনালোকৰ অৱদান সদায় মনত ৰাখিব। আপোনালোকৰ উজ্জ্বল আৰু সমৃদ্ধিশালী ভৱিষ্যত কামনা কৰিলোঁ। ইমান কম সময়ৰ ভিতৰতে আপোনালোকে দেশক যি দিছে সেয়া দেশে কেতিয়াও পাহৰিব নোৱাৰে।’ তেওঁ কয়, ‘এয়া মাথোঁ এটা ৰূপান্তৰ। আশাকৰোঁ ভৱিষ্যতে বৃহত্তৰ ক্ষেত্ৰখনত আপোনালোকে আৰু অধিক অৱদান আগবঢ়াব।’
ছাত্ৰ নেতা দুজনক নিজৰ কামৰ জৰিয়তে দেশৰ কল্যাণৰ কামত নিয়োজিত হ’বলৈ আহ্বান জনাই মুখ্য উপদেষ্টাগৰাকীয়ে তেওঁলোকক আৰু কয়, ‘চৰকাৰৰ পৰা যি অভিজ্ঞতা লাভ কৰিছে সেয়া আপোনাৰ ভৱিষ্যত জীৱনত ব্যৱহাৰ কৰিব লাগিব।’
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
