ধুবুৰী, ১৫ অক্টোবৰ (হি.স.): ধুবুৰী জিলাৰ পাগলা হাটৰ বৰুণডাঙাত চুৰিকাণ্ড সংঘটিত হৈছে। শনিবাৰে নিশা দুষ্কৃতিকাৰীয়ে দোকানৰ টিন পাত কাটি ভিতৰত প্ৰবেশ কৰি দোকানত থকা সামগ্ৰীৰ লগতে নগদ ২৫,০০০ৰো অধিক টকা লৈ যায় বুলি জানিবলৈ দিয়ে।
মেহেবুব হক নামৰ যুৱক জনে ৰাতিপুৱাই আহি নিজৰ দোকানত চুৰিকাণ্ড সংঘটিত হোৱা বুলি প্ৰত্য়ক্ষ কৰে।ইতিমধ্যে স্থানীয় ৰাইজক অৱগত কৰাৰ লগতে পাগলাহাট আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে। যুৱক জনৰ এজাহাৰৰ ভিত্তিত পাগলাহাট আৰক্ষীয়ে চোৰক কৰায়ত্ব কৰাবলৈ সফল হয় নে নহয় সেয়া পৰবৰ্তী সময়ত দেখিবলৈ পোৱা যাব
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
