হোজাই, ২৬ জানুৱাৰী : গণৰাজ্য দিৱসৰ দিনা লামডিঙত আটক হয় বন্দুক সহ তিনি জন যুৱক। লামডিঙ আৰক্ষীয়ে আটক কৰি চমজাই দিয়ে লামডিঙ আঞ্চলিক বন বিভাগক।
জানিব পৰা দিয়া মতে চৰাই চিকাৰ কৰি থকা অৱস্থাত আটক কৰা হয় যুৱক কেইজনক।আটকাধিন যুৱক কেইজনৰ নাম ক্ৰমে আমন, সাগৰ আৰু ৰাহুল ৷ জানিব পৰা দিয়া মতে যুৱক তিনিজন লামডিঙৰ বাসিন্দা ৷ লামডিং আঞ্চলিক বন বিষয়া জনে জানিৱ পৰা মতে যুৱক তিনি জনে বন্য়প্ৰাণী আইন (Wild Life) ভংগ কৰিছে। আৰক্ষীয়ে যুৱক তিনিজনৰ পৰা এটা এয়াৰ গান আৰু লগতে পাচঁটা মৰা চৰাই জব্দ কৰিছে ৷ যুৱক তিনিজনক শংকৰদেৱ নগৰ মহামান্য আদালতলৈ প্ৰেৰণ কৰা হয় ৷
