হোজাই, ২৭ ফেব্ৰুৱাৰী: লামডিঙৰ পথৰপনিত যোৱাকালি নিশা এক চুৰি কাণ্ড সংঘটিত হয়। একেটা স্থানত দুটা ঘৰত একেলগে চোৰে চলালে চাফাই অভিযান। লামডিং পাথৰ পানী অঞ্চলৰ দুটা ঘৰৰ পৰা চোৰ চুৰি কৰি পলাই যাওঁতে লামডিং ৰেল ষ্টেচনৰ সমীপৰ পৰা ৰাইজে আটক কৰি উত্তম মাধ্যম সোধাই আৰক্ষীক গতাই দিয়ে।
ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে আটক কৰে বিশু মালাকাৰ নামৰ চোৰ জনক। ভুক্তভোগীৰ ভাষ্য অনুসৰি চোৰ জনে এজনৰ ঘৰৰ পৰা সোনৰ আ-অলংকাৰ লগতে চৰকাৰী ঘৰ নিৰ্মাণৰ বাবে অহা নগদ এক লাখ টকা আৰু এজনৰ ঘৰৰ পৰা আনুমানিক ত্ৰিশ /চলিশ হাজাৰ নগদ ধন চুৰি কৰে। উল্লেখ্য য়ে পূর্বেত চুৰিৰ গোচৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল অভিযুক্ত বিশু মালাকাৰক।
