
ধুবুৰী, ০১ জানুৱাৰী (হি.স.): ধুবুৰী জিলাৰ গৌৰীপুৰত কিশোৰীৰ কু-কৰ্ম কৰি আটক হৈছে এজন ব্যক্তি। ঝালেৰ আলগা ফাজিল মোৰত কিশোৰীজনীৰ ঘৰত কোনো নথকাৰ সুযোগত ব্যক্তি গৰাকীয়ে বলপূৰ্বক কিশোৰীজনীক ধৰ্ষণ কৰাৰ অভিযোগ উঠিছে ।
কু-কৰ্ম কৰা ব্যক্তি গৰাকী নাম এন্তাজ আলী বুলি জানিব পৰা গৈছে । কু-কৰ্ম ঘটনা পোহৰলৈ অহাৰ পিছতেই কু-কৰ্ম কৰা ব্যক্তি গৰাকীক ৰাইজে যোৱা কালি সন্ধিয়া কৰায়ত্ত কৰি গৌৰীপুৰ আৰক্ষীক গতাই দিয়ে। গৌৰীপুৰ আৰক্ষীয়ে লম্পট এন্তাজ আলীক আটক কৰি তদন্ত আৰম্ভ কৰিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
